কংগ্ৰেছৰ অন্তঃকন্দলৰ পৰা GST পৰিৱৰ্তনলৈ, দিনটোৰ শীৰ্ষ খবৰ

Sep 04, 2025 | 11:07 PM

গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। সদ্য অগপত্যাগী নেতা সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা প্ৰকাশ পোৱাৰ পাছতেই ৰাজীৱ ভৱনত ভিৰ কৰেহি কমলপুৰৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে।

গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। সদ্য অগপত্যাগী নেতা সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা প্ৰকাশ পোৱাৰ পাছতেই ৰাজীৱ ভৱনত ভিৰ কৰেহি কমলপুৰৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে। কোনোপধ্যেই সত্যব্ৰত কলিতাক আদৰণি নজনোৱাৰ সিদ্ধান্ত লৈছে তেওঁলোকে। ইয়াৰ পিছতে ৰাজীৱ ভৱনত এক উত্তপ্তময় পৰিস্থিতিৰ সৃষ্টি হয়।

GST পৰিষদৰ ৫৬ সংখ্যক বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ। ঔষধ, খাদ্য সামগ্ৰী, বাহনৰ লগতে বহু কেইবিধ সামগ্ৰীত GST হ্ৰাস। তাৰোপৰি GST ৰ স্লেব দুটা পৰ্যায়লৈও হ্ৰাস কৰা হৈছে। এতিয়াৰে পৰা ৫ শতাংশ আৰু ১৮ শতাংশ দুটা স্লেৱ থাকিব GST ৰ। দিপাৱলীৰ পূৰ্বে এয়া জনতালৈ চৰকাৰৰ উপহাৰ বুলি কয় কেন্দ্ৰই।

চাওক দিনটোৰ আন কেইটামান চৰ্চিত খবৰ…