মুখ্যমন্ত্ৰীৰ ৰাহুল গান্ধীক কটাক্ষৰ পৰা ইজৰাইল-ইৰাণৰ যুদ্ধলৈ দিনটোৰ শীৰ্ষ খবৰ

Jun 17, 2025 | 10:02 PM

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

  • গোৱালপাৰাত চলা উচ্ছেদৰ বিৰুদ্ধে চৰকাৰক সমালোচনা বিৰোধী দল কংগ্ৰেছৰ। মঙলবাৰে কেবাগৰাকীও কংগ্ৰেছ বিধায়কে উচ্ছেদস্থলী পৰিদৰ্শন কৰে। এই উচ্ছেদক হিটলাৰী শাসন বুলি অভিহিত কৰে কংগ্ৰেছৰ বিধায়কসকলে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই উচ্ছেদ বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰও প্ৰেৰণ কৰে ।
  • শিৱসাগৰৰ ভটিয়াপাৰ গাঁৱত আজিও ONGC ৰ ৰিগৰ পৰা নিৰ্গমণ হৈ আছে গেছ।  প্ৰায় ৩৫০ টা পৰিয়ালক সেই স্থানৰ পৰা স্থানান্তৰ কৰা হৈছে। অসম চৰকাৰে পৰিয়ালসমূহলৈ ২৫০০০ টকাকৈ সাহায্য ঘোষণা কৰিছে।
  • অসমৰ কোকৰাঝাৰ জিলাত সংঘটিত হৈছে এক জঘন্য ঘটনা। নিজৰ কিশোৰী কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক। পত্নীৰ মৃত্যুৰ পিছৰে পৰা দীৰ্ঘদিন ধৰি নিজ কন্যাক নিৰ্যাতন চলাই আহিছিল লোকজনে। ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে অভিযুক্তজনক।