অৱসৰকালীন জীৱনৰ বাবে চিন্তামুক্ত হ’বলৈ ক’লে মাস্কে, আঁৰত ‘ভয়াৱহ’ কাৰণ!

Jan 17, 2026 | 12:07 AM

মাস্কে ‘ইউনিভাৰ্চেল বেছিক ইনকাম’ৰ জৰিয়তে সকলোৰে বাবে আৰামদায়ক জীৱনৰ সম্ভাৱনা প্ৰকাশ কৰিছে। তেওঁৰ মতে, ভৱিষ্যতে আৰ্থিক সমস্যাতকৈ মানসিক সমস্যাহে বেছি হ’ব।

বিশ্বৰ আটাইতকৈ চহকী ব্যক্তি ইলন মাস্কে অৱসৰকালীন সঞ্চয়ক লৈ এক চাঞ্চল্যকৰ মন্তব্য কৰিছে। মাস্কৰ মতে, ভৱিষ্যতৰ অৱসৰক লৈ মানুহ অতিৰিক্ত চিন্তিত হোৱাৰ প্ৰয়োজন নাই। তেওঁৰ ধাৰণা যে প্ৰযুক্তিৰ দ্ৰুত উন্নতিৰ ফলত অনাগত দিনত যন্ত্ৰ মানুহতকৈ অধিক উৎপাদনশীল হ’ব, যাৰ ফলত সামগ্ৰীৰ অভাৱ দূৰ হ’ব আৰু খৰচ কমিব। মাস্কে ‘ইউনিভাৰ্চেল বেছিক ইনকাম’ৰ জৰিয়তে সকলোৰে বাবে আৰামদায়ক জীৱনৰ সম্ভাৱনা প্ৰকাশ কৰিছে। তেওঁৰ মতে, ভৱিষ্যতে আৰ্থিক সমস্যাতকৈ মানসিক সমস্যাহে বেছি হ’ব।

যদি সকলো বস্তু সহজলভ্য হয়, তেন্তে মানুহৰ জীৱনৰ উদ্দেশ্য আৰু কৰ্মৰ অৰ্থ বিচাৰি পোৱাটোৱে হ’ব আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। মাস্কৰ এই ব্যতিক্ৰমী ধাৰণাই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে। এইবিষয়ে চাওক ভিডিঅ’ প্ৰতিবেদন…