সাধাৰণভাৱে জীৱন যাপন কৰি আছে ৰতন টাটাৰ ভাতৃয়ে…

| Edited By:

Jul 04, 2025 | 9:51 PM

কোটি কোটি টকাৰ মালিক হৈও কেনেকৈ সাধাৰণ জীৱন যাপন কৰিব পাৰি তাৰ সৰ্বোত্তম উদাহৰণ আছিল টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ  ৰতন টাটা। মৃত্যুৰ পিছত ৰতন টাটাৰ সতীয়া ভাতৃ নোৱেল টাটাই টাটা গ্ৰুপৰ দায়িত্ব গ্ৰহণ কৰে।

বিশ্বৰ এটি সুপৰিচিত নাম ৰতন টাটা। কোটি কোটি টকাৰ মালিক হৈও কেনেকৈ সাধাৰণ জীৱন যাপন কৰিব পাৰি তাৰ সৰ্বোত্তম উদাহৰণ আছিল টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ  ৰতন টাটা। মৃত্যুৰ পিছত ৰতন টাটাৰ সতীয়া ভাতৃ নোৱেল টাটাই টাটা গ্ৰুপৰ দায়িত্ব গ্ৰহণ কৰে। কিন্তু ৰতন টাটাৰ আন এজন ভাতৃ আছে, যি তেওঁৰ একেবাৰে নিজৰ ভায়েক। তেওঁৰ কথা সম্ভৱত বহুতে নাজানে ।

সংবাদ মাধ্যম আৰু লাইমলাইটৰ পৰা আঁতৰি থাকে ৰতন টাটাৰ ভাতৃ জিমি টাটা। ২০২৩ চনৰ জুন মাহত ৰতন টাটাই জিমিৰ সৈতে নিজৰ শৈশৱৰ ছবি এখন পোষ্ট কৰিছিল। আৰু তেতিয়াই নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছিল জিমিয়ে।