Delhi Red Fort Bomb Blast: লালকিল্লাৰ সমীপত বিস্ফোৰণটো এক দুৰ্ঘটনা আছিল নেকি?

Nov 12, 2025 | 10:14 PM

প্ৰাৰম্ভিক তদন্ত অনুসৰি চোৰাংচোৱাই অনুমান কৰা মতে, ফৰিদাবাদৰ এটা ভাড়াঘৰত মজুত থকা প্ৰায় ৩০০০ কিলোগ্ৰাম বিস্ফোৰক জব্দ কৰে আৰক্ষীয়ে। ইয়াৰ পাছতে ওমৰ আৰু তেওঁৰ সংগীসকলৰ মূল পৰিকল্পনাত প্ৰথমটো বাধা আহিছিল।

লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণটো পৰিকল্পনাৰ অংশ নাছিল, হঠাতে হোৱা দুৰ্ঘটনা! কেন্দ্ৰীয় চোৰাংচোৱাৰ ৰিপৰ্টত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ওমৰ নবীয়ে বিস্ফোৰক সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিব নোৱাৰিলে, গতিকে ইয়াৰ প্ৰভাৱ ‘সীমিত’ হ’ল। চোৰাংচোৱাই অনুমান কৰিছে যে, বিস্ফোৰক বৃহৎ ক্ষতিৰ বাবে প্ৰস্তুত কৰা নাছিল। তেনেকৈ প্ৰস্তুত কৰা হ’লে ফলাফল বেলেগ হ’লহেঁতেন, ক্ষতি বেছি হ’লহেঁতেন। অনুমান কৰা হৈছে যে, সন্ত্ৰাসবাদীয়ে বিস্ফোৰক সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিবলৈ সক্ষম নহ’ল।

প্ৰাৰম্ভিক তদন্ত অনুসৰি চোৰাংচোৱাই অনুমান কৰা মতে, ফৰিদাবাদৰ এটা ভাড়াঘৰত মজুত থকা প্ৰায় ৩০০০ কিলোগ্ৰাম বিস্ফোৰক জব্দ কৰে আৰক্ষীয়ে। ইয়াৰ পাছতে ওমৰ আৰু তেওঁৰ সংগীসকলৰ মূল পৰিকল্পনাত প্ৰথমটো বাধা আহিছিল। সমগ্ৰ দেশৰ চোৰাংচোৱা সংস্থাৰ তালাচীৰ সময়ত উগ্ৰপন্থী চিকিৎসকৰ মডিউলটো পোহৰলৈ অহাত আতংকিত হৈ পৰে চিকিৎসক ওমৰ নবী।