Delhi Red Fort Blast: দিল্লী বিস্ফোৰণৰ লগত জড়িত সন্ত্ৰাসবাদী চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

Nov 15, 2025 | 7:44 PM

লালকিল্লাৰ সমীপত বিস্ফোৰণ হোৱা বাহনখনৰ পৰা বিস্ফোৰক মজুত কৰা,বিস্ফোৰণৰ পৰিকল্পনা কৰালৈকে চাৰিজন চিকিৎসক জড়িত থকা তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে মুজাম্মিল শ্বাকিল, শ্বাহীন শ্বাহিদ, আদিল খান।

চিকিৎসক হ’লগৈ সন্ত্ৰাসবাদী ! দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰে ইজনৰ পাছত সিজন চিকিৎসকৰ নাম সাঙোৰ খাইছে। লালকিল্লাৰ সমীপত বিস্ফোৰণ হোৱা বাহনখনৰ পৰা বিস্ফোৰক মজুত কৰা,বিস্ফোৰণৰ পৰিকল্পনা কৰালৈকে চাৰিজন চিকিৎসক জড়িত থকা তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে মুজাম্মিল শ্বাকিল, শ্বাহীন শ্বাহিদ, আদিল খান। ইতিমধ্যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আটাইকেইজনৰ বিৰুদ্ধে। বাতিল কৰা হৈছে তেওঁলোকৰ চিকিৎসা অনুজ্ঞাপত্ৰ।

দিল্লী বিস্ফোৰণৰ লগত জড়িত থকা অভিযোগত আদিল খান, মুজাম্মিল শ্বাহিদ আৰু শ্বাহীন শ্বাহিদৰ মেডিকেল ৰেজিষ্ট্ৰেচন বাতিল কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিষদে(National Health Council)। ইণ্ডিয়ান মেডিকেল ৰেজিষ্ট্ৰেচন আৰু নেচনেল মেডিকেল ৰেজিষ্ট্ৰেচন দুয়োটা বাতিল কৰা হৈছে।