ক’ৰ পৰা ক্ৰয় কৰিছিল দিল্লী বিস্ফোৰণত ব্যৱহৃত বাহনখন?

Nov 11, 2025 | 3:57 PM

Delhi Blast Updates: দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। লালকিল্লাৰ বাহিৰত এখন চলন্ত বাহনত এই ঘটনা সংঘটিত হয়। ইতিমধ্যে এই বাহনখনৰ মালিকৰ পৰিচয় উদ্ধাৰ হৈছে।

সোমবাৰে সন্ধিয়া ভয়ংকৰ বিস্ফোৰণৰ ঘটনাই কঁপাই যায় সমগ্ৰ দিল্লী। জানিব পৰা মতে, এখন চলন্ত বাহনত বিস্ফোৰণ সংঘটিত হয়। যাৰ ফলত এতিয়ালৈকে ৯ জনৰ মৃত্যু আৰু কেইবাজনো আহত হয়। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে, এই বাহনখনৰ নম্বৰ HR 26 CE 7674 আৰু পঞ্জীয়নৰ তাৰিখ আছিল ২০১৪ চনৰ ১৮ মাৰ্চ। বিস্ফোৰণৰ পিছতে গাড়ীখনৰ মূল মালিক মহম্মদ ছলমানক আটক কৰা হৈছিল। ছলমানে আৰক্ষীক জনোৱা মতে, তেওঁ বহু আগতেই গাড়ীখন ওখলাৰ বাসিন্দা দেৱেন্দ্ৰক বিক্ৰী কৰিছিল।

পাছত পোহৰলৈ আহে যে, দেৱেন্দ্ৰই গাড়ীখন আম্বালাৰ এজন লোকক বিক্ৰী কৰিছিল, আৰু পিছত কাশ্মীৰৰ পুলৱামাৰ বাসিন্দা তাৰিকে গাড়ীখন ক্ৰয় কৰিছিল। গাড়ীখন একাধিকবাৰ ক্ৰয়-বিক্ৰয় হৈছিল। কালি তাৰিক আৰু তেওঁৰ ভাতৃ আমিৰ ৰছিদ মিৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই তাৰিকে ফৰিদাবাদৰ পৰা গাড়ীখন ক্ৰয় কৰিছিল।

সবিশেষৰ বাবে চাওক ভিডিঅ’…