জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ডি.লিট সন্মান কটন বিশ্ববিদ্যালয়ৰ…

Dec 09, 2025 | 4:14 PM

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰোণত্তৰভাৱে কটন বিশ্ববিদ্যালয়ৰ ডি.লিট ডিগ্ৰী প্ৰদান। জুবিন গাৰ্গৰ ভগ্নীয়ে অনুষ্ঠানত উপস্থিত হৈ এই সন্মান গ্ৰহণ কৰে। লগতে জুবিন গাৰ্গক সুঁৱৰি দুখ প্ৰকাশ কৰে।

মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন। এই অনুষ্ঠানতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৰণোত্তভাৱে ডি.লিট সন্মান আগবঢ়োৱা হয়। ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচার্যৰ অধ্যক্ষতাত এই অনুষ্ঠান হয়য’ত ৰাজ্যপালৰ পৰা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে এই সন্মান গ্ৰহণ কৰে।

সন্মান গ্ৰহণৰ পাছত পামী বৰঠাকুৰে কয় যে, আজি জুবিন থাকিলে বহু আনন্দিত হ’লহেতেন। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ এই সময়চোৱাত তেওঁ জুবিন গাৰ্গক স্মৰণ কৰাৰ লগতে সন্মান লাভ কৰা শিক্ষাৰ্থী-গৱেষকসকলক অভিনন্দন জ্ঞাপন কৰে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…