বৈধভাৱে আৰম্ভ কয়লাৰ ব্যৱসায়! আনন্দিত ব্যৱসায়ী…

| Edited By: Monjit Dutta

Jul 31, 2025 | 10:50 PM

বৈধভাৱে আৰম্ভ হ'ল কয়লা ব্যৱসায়। বুধবাৰে দুখন কয়লা ভৰ্তি ট্ৰাক এখন বিহাৰৰ বাবে আৰু আনখন উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰা হয়। এয়া মেঘালয়ৰ প্ৰথমটো বৈজ্ঞানিক কয়লা খনন ব্লকৰ পৰিবহণ।

৩ বছৰ সংঘৰ্খৰ পাছত মেঘালয়বাসীৰ বাবে ভাল খবৰ।এতিয়াৰে পৰা কয়লাৰ উচিত মূল্য পাব ব্যৱসায়ীসকলে। কিয়নো বৈধভাৱে আৰম্ভ কয়লাৰ ব্যৱসায়। বুধবাৰে গুৱাহাটীৰ সমীপৰ বৰ্নিহাটৰ ১৭ মাইলত দুখন কয়লা ভৰ্তি ট্ৰাকৰ ফ্লেগ অফ কৰে। তাৰ পাছত এজন উত্তৰ প্ৰদেশ আৰু আনখন বিহাৰলৈ প্ৰেৰণ কৰা হয়।  ইয়াৰ বাবে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই ব্যৱসায়ীসকলে।

এই পদক্ষেপৰ ফলত এতিয় অবৈধ কয়লা ব্যৱসায় বন্ধ হব বুলি আশা কৰা হৈছে।পূৰ্বতে ব্যৱসায়ীসকলে গুণ্ডা কৰ হিচাপে মেঘালয়, অসম, পশ্চিম বংগ আৰু বিহাৰ পাৰ হ’বলৈ ৩ লাখ টকা দিব লাগিছিল। কিন্তু এতিয়া বৈধভাৱে ব্যৱসায় কৰিব পাৰিব।

উল্লেখ্য যে, ২০১৪ চনত মেঘালয়ত কয়লা খনতত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল। কিয়নো কয়লা সমৃদ্ধ জয়ন্তীয়া পাহাৰ অঞ্চলত অসংখ্য খনিকৰৰ মৃত্যু হৈছিল। কিন্তু ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনায় আৰু ২০১৯ চনত এন জি টি নিষেধাজ্ঞা উঠাই লয়। ইয়াৰ পাছতে এতিয়া আৰম্ভ হৈছে ব্যৱসায়।