সাধাৰণৰ জনতালৈ সকাহ! পুনৰ হ্ৰাস পালে ৰন্ধন গেছৰ দাম

| Edited By:

Sep 01, 2025 | 9:30 PM

যোৱা কেইমাহমানৰ পৰা তেল কোম্পানীসমূহে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ধাৰাবাহিকভাৱে হ্ৰাস কৰি আহিছে। আগষ্ট মাহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৩৩.৫০ টকা হ্ৰাস পাইছিল। ১ জুলাইত বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৫৮.৫০ টকা হ্ৰাস কৰা হয়।

মাহৰ প্ৰথম দিনটোতে সাধাৰণৰ জনতাৰ বাবে ভাল খবৰ।  ৫০ টকাতকৈ অধিক হ্ৰাস কৰা হৈছে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য। ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব নতুন মূল্য। পূজাৰ পূৰ্বে হোটেল, ৰেষ্টুৰেণ্ট আৰু ক্ষুদ্ৰ ব্যৱসায়ী গ্ৰাহকৰ বাবে এয়া এক সকাহৰ খবৰ। কিন্তু ঘৰৰ ঘৰৰ বাবে ৰন্ধন গেছৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।

দেওবাৰে তেল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰা অনুসৰি ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৫১.৫০ টকা হ্ৰাস কৰা হৈছে। ফলত দিল্লীত বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১৫৮০ টকা হ্ৰাস পাইছে।গুৱাহাটী মহানগৰীত ১৯ কেজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ’ব ১৭৭৫.৫০ টকা। বৰ্তমান গুৱাহাটীত ১৪.২ কেজিৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯০২ টকা।