শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ডাঙৰ ইংগিত! একত্ৰিত হ'ব নেকি ৰাছিয়া-ভাৰত আৰু চীন…

ডাঙৰ ইংগিত! একত্ৰিত হ’ব নেকি ৰাছিয়া-ভাৰত আৰু চীন…

barasha-sarma
Barasha Sarma | Updated On: 18 Jul 2025 19:39 PM

একত্ৰিত হ'ব নেকি ৰাছিয়া-চীন আৰু ভাৰত। বেইজিঙে পুনৰ RIC ৰ বৈঠক অনুষ্ঠিক কৰাৰ পোষকতা কৰিছে। অৱশ্যে এই ক্ষেত্ৰত ভাৰতে এতিয়ালৈকে কোনো নিশ্চিয়তা প্ৰদান কৰা নাই।

সলনি হ’ব নেকি বিশ্বৰ ৰাজনীতি? কিয়নো একত্ৰিত হ’ব পাৰে ৰাছিয়া, ভাৰত আৰু চীন। চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাৰতৰ সৈতে আলোচনাৰ পোষকতা বিচাৰিছে। ইয়াৰ ক্ষেত্ৰত লৈছে ৰাছিয়াৰ সহায়। চীনে ত্ৰিপাক্ষিক আলোচনা আয়োজন কৰিব বিচাৰিছে যদিও ভাৰতে এতিয়াও বৈঠকত সন্মতি দিয়া নাই।

খবৰ অনুসৰি, পশ্চিমীয়া দেশসমূহৰ বিশ্বৰ ওপৰত থকা একচেটিয়া অধিকাৰৰ অন্ত পেলাব বিচাৰিছে চীনে। এনে অৱস্থাত ৰাছিয়াৰ সমৰ্থন চীনৰ ওপৰত আছে। কিন্তু ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ পাছতে চীন আৰু ৰাছিয়াই বন্ধুত্বৰ হাত আগবঢ়াইছে। এই দুই দেশে ভাৰতৰ সৈতে মিলি পুনৰ ত্ৰিপাক্ষিক আলোচনা কৰিব বিচাৰিছে।

উল্লেখ্য কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে RIC ৰ অধীনত কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু ২০২০ চনৰ পৰা বৈঠক অনুষ্ঠিত হোৱা নাই। কোৰোনা মহামাৰী আৰু লাডাখনৰ গালৱান ঘাটিত ভাৰত-চীনৰ সংঘৰ্ষৰ পাছৰ পৰা এই বৈঠক বন্ধ হৈ আছিল।