ভাৰতৰ সীমান্তৰ কাষতে বেইজিঙৰ ধনেৰে ঢাকাই সাজিছে সুউচ্চ অট্টালিকা!

| Edited By:

Jan 25, 2026 | 10:07 PM

ভাৰতীয় সীমান্তৰ নিচেই কাষৰ নীলফামাৰীত এক ১০ মহলীয়া বিশাল অট্টালিকাটো নিৰ্মাণ হ’ব। বাংলাদেশৰ ভূমিত চীনৰ অৰ্থসাহায্যৰে নিৰ্মাণ হ’বলগীয়া এই ১০ মহলীয়া অট্টালিকাটো হ’ব এখন অত্যাধুনিক বিশেষ চিকিৎসালয়।

চীনৰ অৰ্থসাহায্য আৰু বাংলাদেশৰ ভূমিত গঢ়ি উঠিছে এক বৃহৎ প্ৰকল্প। ভাৰতীয় সীমান্তৰ নিচেই কাষৰ নীলফামাৰীত এক ১০ মহলীয়া বিশাল অট্টালিকাটো নিৰ্মাণ হ’ব। বাংলাদেশৰ ভূমিত চীনৰ অৰ্থসাহায্যৰে নিৰ্মাণ হ’বলগীয়া এই ১০ মহলীয়া অট্টালিকাটো হ’ব এখন অত্যাধুনিক বিশেষ চিকিৎসালয়। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ চৰকাৰে আগবঢ়োৱা প্ৰায় ২,২১৯ কোটি টকাৰ অনুদানেৰে ড° ইউনুছৰ শাসনকালত এই প্ৰকল্পই গতি লাভ কৰিছে। মুঠ ২,২৯২ কোটি টকা ব্যয়সাপেক্ষ এই চিকিৎসালয়খনৰ আন্তঃগাঁথনি বেইজিঙে নিৰ্মাণ কৰিব আৰু মানৱ সম্পদৰ দায়িত্বত থাকিব ঢাকা।

এই চিকিৎসালয়খনত হেলিপেড, স্বয়ংক্ৰিয় এম্বুলেন্স আৰু উন্নত আৱৰ্জনা ব্যৱস্থাপনাৰ সুবিধা থাকিব। ২০২৮ চনৰ ভিতৰত ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ উপৰিও চীনৰ সহযোগত চট্টগ্ৰাম আৰু ঢাকাতো দুখন পৃথক চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপে বাংলাদেশ আৰু চীনৰ কূটনৈতিক তথা স্বাস্থ্য খণ্ডৰ সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিছে।