LIC ৰ অধিক শ্বেয়াৰ বিক্ৰী কৰিব কেন্দ্ৰীয় চৰকাৰে, লৈছে ডাঙৰ সিদ্ধান্ত

May 20, 2025 | 4:48 PM

জীৱন বীমা কোম্পানী LIC ৰ ৬.৫ শতাংশ অংশীদাৰিত্ব বিক্ৰীৰ দিশত আগবাঢ়িছে কেন্দ্ৰ। সোমবাৰে বিজনেছ ষ্টেণ্ডাৰ্ডে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি অহা দুবছৰত কেন্দ্ৰীয় চৰকাৰে মুঠ ৬ শতাংশতকৈ অধিক শ্বেয়াৰ সৰু সৰু পদক্ষেপত বিক্ৰী কৰিব।

জীৱন বীমা কোম্পানী LIC ৰ ৬.৫ শতাংশ অংশীদাৰিত্ব বিক্ৰীৰ দিশত আগবাঢ়িছে কেন্দ্ৰ। সোমবাৰে বিজনেছ ষ্টেণ্ডাৰ্ডে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি অহা দুবছৰত কেন্দ্ৰীয় চৰকাৰে মুঠ ৬ শতাংশতকৈ অধিক শ্বেয়াৰ সৰু সৰু পদক্ষেপত বিক্ৰী কৰিব। জানিব পৰা মতে এই পদক্ষেপৰ জৰিয়তে চৰকাৰে ক্ৰমান্বয়ে কেন্দ্ৰীয়ভাৱে পৰিচালিত একাধিক প্ৰতিষ্ঠানৰ অংশীদাৰিত্ব শিথিল কৰিবলৈ আৰম্ভ কৰিব।

কিন্তু কিয় এইসমূহ বিক্ৰীৰ পথত আগবাঢ়িছে কেন্দ্ৰ?  শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিয়ে প্ৰস্তুত কৰা নিয়ম অনুসৰি যিকোনো ৰাজহুৱা কোম্পানী CPSE ৰ অন্তৰ্গত অৰ্থাৎ যিবোৰ প্ৰতিষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ অংশ ৫১ শতাংশতকৈ অধিক, সেইবোৰত মুঠ অংশৰ কমেও ২৫ শতাংশ জনসাধাৰণৰ হাতত থকা উচিত। অৰ্থাৎ ৰাইজে ইচ্ছা কৰিলে LIC ৰ অধিক শ্বেয়াৰ ক্ৰয় কৰিব পাৰিব, সেই ভিত্তিতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।