ক্ষেত্ৰীত শাক-পাচলিৰ উৎকৰ্ষৰ কেন্দ্ৰৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ
ভাৰত আৰু ইজৰাইলৰ অংশীদাৰিত্বৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক মূর্তমান কৰি ইজৰাইলৰ উন্নত কৃষি প্ৰযুক্তিৰ সৈতে অসমৰ উৰ্বৰ ভূমি আৰু পৰিশ্ৰমী কৃষকৰ শক্তিৰ সংমিশ্রণ ঘটাইছে এই কেন্দ্ৰই। ৬৬ বিঘা ভূমি সামৰি কামৰূপ (মহানগৰ) জিলাৰ ক্ষেত্ৰীত স্থাপন কৰা “ইণ্ডো-ইজৰাইল চেণ্টাৰ অৱ এক্সেলেঞ্চ ফৰ ভেজিটেবলছ" শীৰ্ষক গুৰুত্বপূৰ্ণ কেন্দ্ৰটো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ইজৰাইলৰ সন্মানীয় ৰাষ্ট্ৰদূত Mr. Reuven Azar-এ।
ক্ষেত্ৰীত ভাৰত-ইজৰাইল কৃষি প্ৰকল্পৰ অধীনত শাক-পাচলিৰ উৎকৰ্ষৰ কেন্দ্ৰ উদ্বোধনৰ জৰিয়তে আজি আমি ৰাজ্যৰ কৃষি খণ্ডলৈ বিশ্বমানৰ প্ৰযুক্তি কঢ়িয়াই অনাৰ দিশত এক সবল খোজ। ভাৰত আৰু ইজৰাইলৰ অংশীদাৰিত্বৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক মূর্তমান কৰি ইজৰাইলৰ উন্নত কৃষি প্ৰযুক্তিৰ সৈতে অসমৰ উৰ্বৰ ভূমি আৰু পৰিশ্ৰমী কৃষকৰ শক্তিৰ সংমিশ্রণ ঘটাইছে এই কেন্দ্ৰই। ৬৬ বিঘা ভূমি সামৰি কামৰূপ (মহানগৰ) জিলাৰ ক্ষেত্ৰীত স্থাপন কৰা “ইণ্ডো-ইজৰাইল চেণ্টাৰ অৱ এক্সেলেঞ্চ ফৰ ভেজিটেবলছ” শীৰ্ষক গুৰুত্বপূৰ্ণ কেন্দ্ৰটো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ইজৰাইলৰ সন্মানীয় ৰাষ্ট্ৰদূত Mr. Reuven Azar-এ।
অসম ৰাজ্যিক উদ্যানশস্য অভিযানৰ অধীনত ভাৰত-ইজৰাইল কৃষি প্ৰকল্প (আই আই এ পি)ৰ সহযোগত নিৰ্মিত এই কেন্দ্ৰটো অত্যাধুনিক প্ৰযুক্তি-চালিত তথা জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খোৱা কৃষিৰ দিশত এক বৃহৎ পদক্ষেপ। ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক কৃষকক প্ৰত্যক্ষভাৱে উপকৃত কৰাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰটিত উপলভ্য উন্নত সুবিধা তথা উদ্ভাৱনমূলক কৃষিকাৰ্যৰ জৰিয়তে শস্যৰ উৎপাদন বৃদ্ধিৰ উপৰি বছৰজোৰা কৃষিৰ বাবে কৌশলগত পদ্ধতিৰে আবতৰীয়া শাক-পাচলিৰ খেতিৰ প্ৰসাৰতো গুৰুত্ব আৰোপ কৰা হৈছে।