৮০০ কোটি টকাৰ বিত্তীয় কেলেংকাৰী! TATAৰ বিৰুদ্ধে CBIৰ অভিযান

Jun 22, 2025 | 7:33 PM

এই কোম্পানীসমূহৰ বিষয়াসকলৰ বিৰুদ্ধে ৮০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষৰ এগৰাকী প্ৰাক্তন বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ।

টাটাকে ধৰি দেশৰ কেইবাটাও পৰিচিত গোটৰ বিৰুদ্ধে চিবিআইৰ অভিযান।  এই কোম্পানীসমূহৰ বিষয়াসকলৰ বিৰুদ্ধে ৮০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষৰ এগৰাকী প্ৰাক্তন বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ । সেই ভিত্তিত টাটা গ্ৰুপৰ প্ৰজেক্ট ডাইৰেক্টৰৰ লগতে আন কোম্পানীৰ কেইবাজনো বিষয়াৰ নাম সংযোজন কৰা হৈছে।

কিহৰ অভিযোগ?

মুম্বাইৰ নাহাভা শ্বেভা বন্দৰত ড্ৰেজিং প্ৰকল্পক কেন্দ্ৰ কৰি টাটা কনছালটেন্সি ইঞ্জিনিয়াৰ্ছৰ কাৰ্যবাহী জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষৰ মুখ্য অভিযন্তা আৰু আন কেইবাটাও ব্যক্তিগত কোম্পানীৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ বিৰুদ্ধে ১২০বি (ষড়যন্ত্ৰ), ৪২০ (প্ৰবঞ্চনা) আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত মুঠ ৮০০ কোটি টকাৰ অভিযোগ উত্থাপন কৰি লিখিত অভিযোগ দাখিল কৰা হৈছে।