আপোনাৰ সঞ্চয়ৰ ধন LIC- এ ক’ত বিনিয়োগ কৰে জানেনে?
LIC-ৰ শ্বেয়াৰৰ মূল্য বৰ্তমান ৮০০-৯০০ টকাৰ ভিতৰত স্থিৰ হৈ থাকিলেও, ইয়াৰ প্ৰকৃত শক্তি লুকাই আছে পলিচী ধাৰকৰ সুৰক্ষিত ভৱিষ্যতৰ মাজত। প্ৰশ্ন হয়, আপোনাৰ কষ্টোপাৰ্জিত ধন LIC-য়ে ক’ত খটুৱায়?
ভাৰতীয় জীৱন বীমা নিগম (LIC) কেৱল এটা বীমা প্ৰতিষ্ঠান নহয়, ই ৫৭ লাখ কোটি টকাৰো অধিক সম্পদ পৰিচালনা কৰা দেশৰ অন্যতম বৃহত্তম বিত্তীয় শক্তি। LIC-ৰ শ্বেয়াৰৰ মূল্য বৰ্তমান ৮০০-৯০০ টকাৰ ভিতৰত স্থিৰ হৈ থাকিলেও, ইয়াৰ প্ৰকৃত শক্তি লুকাই আছে পলিচী ধাৰকৰ সুৰক্ষিত ভৱিষ্যতৰ মাজত। প্ৰশ্ন হয়, আপোনাৰ কষ্টোপাৰ্জিত ধন LIC-য়ে ক’ত খটুৱায়? ইয়াৰ উত্তৰত এক কঠোৰ সুৰক্ষা নীতি লুকাই আছে। নিগমৰ মুঠ পুঁজিৰ অন্ততঃ ৫০ শতাংশই চৰকাৰী ছিকিউৰিটীত বিনিয়োগ কৰা হয়, যিটো সম্পূৰ্ণৰূপে বিপদমুক্ত।
বাকী অংশ শ্বেয়াৰ বজাৰৰ শীৰ্ষ কোম্পানী, কৰ্পোৰেট বণ্ড আৰু দেশৰ আন্তঃগাঁথনিমূলক প্ৰকল্পত ব্যৱহাৰ কৰা হয়। দ্ৰুত মুনাফাতকৈ জীৱনৰ নিৰাপত্তা আৰু দীৰ্ঘম্যাদী স্থিৰতা বিচৰা কোটি কোটি ভাৰতীয়ৰ বাবে LIC আজিও আটাইতকৈ ভৰসাযোগ্য নাম।
