Rajesh Khanna: শেষৰ সময়ত বিফলতা মানি ল’ব পৰা নাছিল ৰাজেশ খান্নাই, কি হৈছিল?

Oct 29, 2025 | 10:41 PM

বলিউডৰ এই তাৰকাগৰাকীয়ে ইখনৰ পিছত সিখনকৈ ব্লকবাষ্টাৰ ছবি দৰ্শকলৈ আগবঢ়াইছিল। হয়তো এই সাফল্যৰ বাবে নিজকে সকলো বুলি ভাবিবলৈ আৰম্ভ কৰিছিল তেওঁ।

বলিউডৰ ছুপাৰষ্টাৰৰ কথা মনলৈ আহিলে প্ৰথমে যাৰ নাম আহে, তেওঁ হৈছে ৰাজেশ খান্না। বলিউডৰ এই তাৰকাগৰাকীয়ে ইখনৰ পিছত সিখনকৈ ব্লকবাষ্টাৰ ছবি দৰ্শকলৈ আগবঢ়াইছিল। হয়তো এই সাফল্যৰ বাবে নিজকে সকলো বুলি ভাবিবলৈ আৰম্ভ কৰিছিল তেওঁ। বহুতৰ মতে সেইবাবেই তেওঁৰ অহংকাৰ দিনক দিনে বাঢ়ি আহিছিল। সকলোৰে সহাঁৰি লাভ কৰি তেওঁ নিজকে প্ৰায় ভগৱান বুলি ভাবিবলৈ ধৰিলে। ৰাজেশ খান্নাই একেৰাহে ১৫ খন হিট ছবি কৰিছিল।