উচ্ছেদিত মিঞাৰ প্ৰতি মৰম দেখুওৱা বিৰোধী নেতাক আধুনিক বদন আখ্যা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ

Nov 26, 2025 | 7:12 PM

Dilip Saikia: কংগ্ৰেছক আধুনিক বদন আখ্যা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। তেওঁ কয় যে,আমি বেদখলমুক্ত কৰা ভূমি আকৌ ঘূৰাই দিম কোৱা, মছজিদ বনাই দিম বুলি কোৱা সকল আধুনিক যুগৰ বদন।

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছক উদ্দেশ্য কৰি বহু কটাক্ষমূলক মন্তব্য কৰে। তেওঁ কয় যে, কংগ্ৰেছে নিজৰ স্বাৰ্থৰ বাবে ১০৬ বাৰ সংবিধান সংশোধন কৰিছে। ইয়াৰ দ্বাৰা ভোটবেংক আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ চুড়ান্ত প্ৰতিফলন হৈছে। কংগ্ৰেছশাসিত ৰাজ্যত ধৰ্মৰ নামত সংৰক্ষণৰ ব্যৱস্থা আনি সংবিধানৰ লক্ষ্যক আঘাত কৰিছে। কংগ্ৰেছে বাবা চাহেব ভীমৰাও আম্বেদকাৰক দুবাৰকৈ নিৰ্বাচন হৰুৱাৰ চেষ্টা কৰিছিল।

ইয়াৰ লগতে কয়,  যিয়ে মাতৃভূমিৰ স্বাৰ্থৰ বিপৰীতে গৈ বিদেশীক বৰপীৰা পাৰি, সন্দেহযুক্ত নাগৰিকক ভূমিৰ পট্টা দিলে, ৰেচন কাৰ্ড বনাই দিলে, ভোটাৰ তালিকাত নাম সোমাই দিলে তেওঁলোকেই বদন। বদনৰ উত্তৰাধিকাৰী সকলে সেই মানসিকতা লৈ আছে। আমি বেদখলমুক্ত কৰা ভূমি আকৌ ঘূৰাই দিম কোৱা, মছজিদ বনাই দিম বুলি কোৱা সকল আধুনিক যুগৰ বদন। বহুতো বদনৰ সংবাদমেল সংবাদ মাধ্যমে প্ৰচাৰ কৰি থাকে।