২০২৬ৰ নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সংকল্প বিৰোধী দলৰ…

Nov 13, 2025 | 2:31 PM

Gaurav Gogoi: সমাগত অসম বিধানসভা নিৰ্বাচন। ইয়াৰ বাবে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুতি চলাইছে। এইবাৰ নিৰ্বাচনত বিজেপিক ৰুধিবলৈ একত্ৰিত হৈছে বিৰোধী। কেইবাটাও দল লগ গৈ নিৰ্বাচন খেলাৰ সিদ্ধান্ত।

সমাগত বিধানসভা নিৰ্বাচন। ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে। শাসকীয় পক্ষৰ লগতে সাজু হৈছে বিৰোধী। এইবাৰ শাসকীয় পক্ষ বিজেপিক ৰুধিবলৈ একত্ৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰোধী দলসমূহে। এই সন্দৰ্ভত বুধবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে ৭ টা দলৰ বিশেষ বৈঠক অনুষ্ঠিত হয়। য’ত আটাইকেইটা দলে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কংগ্ৰেছ দলৰ আহ্বান মৰ্মে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মৰ্চা, চিপিএম, চিপিআই, চিপিআইএমএল আৰু এপিএইছএলচিৰ সভাপতি আৰু ৰাজ্যিক সম্পাদকসকলৰ আলোচনা হয়। ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিশেষ মন্তব্য কৰে। তেওঁ কয় যে, বিজেপিৰ দুৰ্নীতি-অপশাসনৰ পৰা অসমবাসীক মুক্ত কৰিবলৈ বিৰোধী একত্ৰিত হোৱা সিদ্ধান্ত গ্ৰহণ কৰিছো।

সবিশেষৰ বাবে চাওক ভিডিঅ’…