হঠাতে কিয় বিলাসী ফ্লেট বিক্ৰীৰ সিদ্ধান্ত ল’লে বিগ বিয়ে?

| Edited By:

Nov 06, 2025 | 11:17 PM

সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি অমিতাভে মুম্বাইৰ গোৰেগাঁও অঞ্চলৰ কাষৰীয়া দুটা বিলাসী এপাৰ্টমেণ্ট প্ৰায় ১২ কোটি টকাত বিক্ৰী কৰিছে। চি আৰ ই মেট্ৰিক্স (CRE Matrix)ৰ পৰা উপলব্ধ সম্পত্তিৰ ৰেকৰ্ড অনুসৰি এই ফ্লেট দুটা বিক্ৰী কৰি অমিতাভ বচ্চনে ১৩ বছৰীয়া বিনিয়োগৰ পৰা আনুমানিক ৪৭ শতাংশ লাভ উপাৰ্জন কৰিছিল।

কিছুদিন পূৰ্বে অমিতাভ বচ্চনলৈ ভাবুকি অহাৰ খবৰ প্ৰকাশ পাইছিল। যাৰ বাবে নিজেই ঘৰৰ নিৰাপত্তা বৃদ্ধি কৰিছিল অমিতাভে। আৰু এতিয়া অহা খবৰটো হ’ল বিগ বিয়ে মুম্বাইত দুটা ঘৰ বিক্ৰী কৰিলে! কিন্তু কিয় হঠাতে ঘৰ বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে অমিতাভে?