আহমেদাবাদ বিমান দুৰ্ঘটনাত নিহতৰ পৰিয়ালক ভয়-ভাবুকি দেখুৱাইছে নেকি এয়াৰ ইণ্ডিয়াই!

| Edited By:

Jul 05, 2025 | 10:06 PM

বিমান দুৰ্ঘটনাত নিহতসকলৰ বহু পৰিয়ালে দাবী কৰা মতে, এয়াৰ ইণ্ডিয়াই তেওঁলোকক বহু নথি-পত্ৰত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰাইছে। ইয়াৰ উপৰিও এই পৰিয়ালসমূহ আৰ্থিকভাৱে কাৰ ওপৰত নিৰ্ভৰশীল, সেই তথ্য প্ৰকাশ কৰিবলৈও বাধ্য কৰাইছে বুলি পৰিয়ালসমূহে অভিযোগ কৰিছে।

আহমেদাবাদৰ হৃদয় বিদাৰক বিমান দুৰ্ঘটনাৰ কথা এতিয়াও পাহৰিব পৰা নাই দেশবাসীয়ে। যোৱা ১২ জুনত সংঘটিত হোৱা এই ভয়ংকৰ বিমান দুৰ্ঘটনাত ২৭৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পিছতে এই দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা কৰা হৈছিল। এতিয়া এই ক্ষতিপূৰণ প্ৰক্ৰিয়াক লৈ এয়াৰ ইণ্ডিয়াই ভুক্তভোগীৰ পৰিয়ালৰ ওপৰত হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন হৈছে। উত্থাপিত অভিযোগ অনুসৰি, বিমান সংস্থাটোৱে দিয়া প্ৰ-পত্ৰত যদি এটাও ভুল হয়, তেতিয়া ভুক্তভোগী পৰিয়ালে এক টকাও ক্ষতিপূৰণ নাপাব বুলি ভাবুকি দিছে।

এই বিমান দুৰ্ঘটনাত নিহতসকলৰ বহু পৰিয়ালে দাবী কৰা মতে, এয়াৰ ইণ্ডিয়াই তেওঁলোকক বহু নথি-পত্ৰত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰাইছে। ইয়াৰ উপৰিও এই পৰিয়ালসমূহ আৰ্থিকভাৱে কাৰ ওপৰত নিৰ্ভৰশীল, সেই তথ্য প্ৰকাশ কৰিবলৈও বাধ্য কৰাইছে বুলি পৰিয়ালসমূহে অভিযোগ কৰিছে।