আধাৰ কাৰ্ডত AI সংযুক্ত হ’লে আপোনাৰ বাবে ভাল হ’ব নে বেয়া হ’ব?
UIDAI য়ে নতুন ‘আধাৰ ভিজন ২০৩২’ ৰ কাম আৰম্ভ কৰিছে। এই ফ্ৰেমৱৰ্কৰ লক্ষ্য হৈছে- কৃত্ৰিম বুদ্ধিমত্তা, ব্লকচেইন আৰু কোৱাণ্টাম কম্পিউটিঙৰ দৰে অত্যাধুনিক প্ৰযুক্তি সন্নিৱিষ্ট কৰি আধাৰ সেৱাৰ মান আৰু অধিক উন্নত কৰা।
কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছে দেশৰ ডিজিটেল পৰিচয় পত্ৰ অর্থাৎ আধাৰ কাৰ্ড। ভাৰতীয় প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ এক নথিত কোৱা হৈছে যে, অক্টোবৰ মাহৰ শেষৰ দিনটোত তথা শুকুৰবাৰে UIDAI য়ে নতুন ‘আধাৰ ভিজন ২০৩২’ ৰ কাম আৰম্ভ কৰিছে। আচলতে এই আধাৰ ফ্ৰেমৱৰ্ক কি? এনে সিদ্ধান্ত কিয়? বৰ্তমানৰ তুলনাত প্ৰযুক্তিৰ পৰিৱৰ্তন বহু বেছি দ্ৰুতগতিত আগবাঢ়িছে। গতিকে আধাৰ কাৰ্ডক ভৱিষ্যতৰ বাবে সাজু কৰাৰ বাবে এই কৌশলগত আৰু প্ৰযুক্তিগত সহায়ৰ প্ৰয়োজন।
এফালে চাইবাৰ সুৰক্ষাৰ চিন্তা, আনফালে তথ্য সুৰক্ষাৰ নতুন আইন বা DPDP Act অনুসৰি আধাৰক আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন। এই ফ্ৰেমৱৰ্কৰ লক্ষ্য হৈছে- কৃত্ৰিম বুদ্ধিমত্তা, ব্লকচেইন আৰু কোৱাণ্টাম কম্পিউটিঙৰ দৰে অত্যাধুনিক প্ৰযুক্তি সন্নিৱিষ্ট কৰি আধাৰ সেৱাৰ মান আৰু অধিক উন্নত কৰা।
