AECৰ ৩নং হোষ্টেলত প্ৰায় ১৩ দিন ধৰি ব্যাহত পানী যোগান…
AEC Hostel: অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৩নং হোষ্টেলৰ আবাসীসকলৰ মাজত লাগিছে হাহাকাৰ। পানী বিচাৰ ছাত্ৰ-ছাত্ৰীসকলে হাহাকাৰ কৰিছে। জানিব পৰা মতে, ১২-১৩ দিন ধৰি হোষ্টেলখনত বন্ধ হৈ আছে পানী যোগান।
পানী বিচাৰি হাহাকাৰ AEC ৰ এখন হোষ্টেলৰ আবাসীৰ। তাৰ পাছতে আজি ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ প্ৰৱেশ পথচোৱা বন্ধ কৰি দিয়ে। আবাসীসকল ওলাই আহি তেওঁলোকৰ দাবীৰ বিষয়ে কয়। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৩নং হোষ্টেলৰ আবাসীসকলৰ মাজত পানী বিচাৰি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, হোষ্টেলখনত যোৱা ১২-১৩ দিন ধৰি পানীৰ যোগান ব্যাহত হৈ আছে। উপায়হীন হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল। যাৰ বাবে আজি সাতমাইল হৈ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰৱেশ পথছোৱা বন্ধ কৰিছে হোষ্টেলটোৰ আবাসীসকলে।নিশাৰে পৰা বন্ধ কৰা হৈছে এই প্ৰৱেশ পথ।মহাবিদ্যালয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধৰ পাছতো হোষ্টেলটোত দিব পৰা নাই পানী যোগান। যাৰ বাবে এই সিদ্ধান্ত লৈছে। জানিব পৰা মতে এই হোষ্টেলখনত ৮০ জনৰো অধিক আবাসী থাকে।
সবিশেষৰ বাবে চাওক ভিডিঅ’
