অনলাইনত কেনেকৈ সলনি কৰিব আধাৰ কাৰ্ডৰ ঠিকনা? জানক সকলো…

| Edited By: Monjit Dutta

Aug 28, 2025 | 9:25 PM

আপোনাৰো আধাৰ কাৰ্ডত ঠিকনা ভুল হৈ আছে নেকি? আপুনিও ঠিকনা সলনি কৰিব বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে এই খবৰ আপোনাৰ বাবে। ঘৰতে বহি আপুনি এই আপডেট কৰিব পাৰে।

চৰকাৰী কাম হওক বা আন কোনো বিষয়, আজিকালি প্ৰায়ভাগ দিশতে আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে। ই এতিয়া এক গুৰুত্বপূৰ্ণ নথি। কিন্তু আধাৰ কাৰ্ড থকাটোৱেই যথেষ্ঠ নহয়। আধাৰ কাৰ্ডত ব্যক্তিৰ নাম, মোবাইল নম্বৰ, ঠিকনা ইত্যাদি শুদ্ধ হ’ব লাগিব। কেতিয়াবা বহুতৰ ঠিকনা ভুল হোৱা দেখা যায় বা কিছুমানে ঘৰ সলনি কৰে। তেনে অৱস্থাত আধাৰতো ঠিকনা সলনি কৰিব লাগে। যদি আপোনাৰো এনে হৈছে তেন্তে চিন্তা নাই।

কিয়নো আপুনি ঘৰতে বহি এই ঠিকনা আপডেট কৰিব পাৰিব।  আধাৰ কাৰ্ডত ঠিকনা সলনি কৰিবলৈ আধাৰ কেন্দ্ৰলৈ যাব নালাগে। ইয়াৰ বাবে আপুনি ঘৰতে বহি আধাৰৰ নিয়ন্ত্ৰক সংস্থা ভাৰতীয় একক চিনাক্তকৰণ প্ৰাধিকৰণ বা UIDAI ৰ ৱেবছাইটত আপডেট কৰিব পাৰিব।

পিছে ইয়াৰ বাবে কি কি কৰিব লাগিব জানেনে?

  • uidai.gov.in ৰ অফিচিয়েল ৱেবছাইটত ক্লিক কৰক।
  • তাৰ পিছত My Aadhaar শিতানত ক্লিক কৰক
  • তাত আপুনি Update Your Aadhaar দেখিব, তাত ক্লিক কৰক।
  • এতিয়া আপোনাৰ আধাৰ নম্বৰ আৰু OTP লৈ লগ ইন কৰক।
  • পৰৱৰ্তী পদক্ষেপত ঠিকনা আপডেট বিকল্পত ক্লিক কৰক।
  • এতিয়া নতুন ঠিকনাটো শুদ্ধকৈ দিয়ক।
  • নতুন ঠিকনাৰ প্ৰমাণ হিচাপে বিদ্যুতৰ বিল, ঘৰ ভাড়াৰ চুক্তি, বেংক ষ্টেটমেণ্ট জমা দিব লাগিব।
  • এতিয়া Submit অপচনত ক্লিক কৰক।

এই আপডেটৰ বাবে আপোনাক কিছুমান নথিৰ প্ৰয়োজন হ’ব। ইয়াৰ ভিতৰত আছে নতুন বিদ্যুতৰ বিল বা পানীৰ বিল, সম্পত্তি কৰ ৰচিদ, পাছপ’ৰ্ট, বেংকৰ পাছবুক , ৰেচন কাৰ্ড, ঘৰ ভাড়াৰ চুক্তি, ড্ৰাইভিং লাইচেন্স,ভোটাৰ আইডি কাৰ্ড আদি।

উল্লেখ কৰা প্ৰয়োজন যে,  ঠিকনা সলনিৰ বাবে আবেদন দাখিল কৰাৰ পিছত ইউআইডিএআইয়ে সকলো তথ্য পৰীক্ষা কৰিব। যাৰ বাবে প্ৰায় ৭ৰ পৰা ১০ দিন  সময়ৰ লাগে। তথ্য পৰীক্ষা কৰাৰ পিছত নতুন ঠিকনা আপডেট কৰা হ’ব। ই-আধাৰ ডাউনলোড কৰিব পাৰিব।