গুৱাহাটীৰ SOHUM EMPORIAত ভয়ংকৰ অগ্নিকাণ্ড, SBIৰ কোটি-কোটি টকা ভস্মীভূত
অট্টালিকাটোত থকা ৬ টাকৈ মহলাত সংঘটিত হয় অগ্নিকাণ্ড। এই অগ্নিকাণ্ডে কেনেকৈ সংঘটিত হয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইফালে, SOHUM EMPORIA ত আছে ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা।
নিশা গুৱাহাটী মহানগৰীৰ SOHUM EMPORIA ত ভয়ংকৰ অগ্নিকাণ্ড। অট্টালিকাটোৰ আটাইকেইটা মহলাতেই বিধ্বংসী অগ্নিকাণ্ড। খবৰ অনুসৰি,নিশা ১২ বজাত জুই সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে। অট্টালিকাটোত থকা ৬ টাকৈ মহলাত সংঘটিত হয় অগ্নিকাণ্ড। এই অগ্নিকাণ্ডে কেনেকৈ সংঘটিত হয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
ইফালে, SOHUM EMPORIA ত আছে ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা। আটাইকেইটা শাখাতে বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। জুইত SBIৰ কোটি-কোটি টকা ভস্মীভূত হোৱাৰ আশংকা কৰা হৈছে। জুইত জাহ যায় সমাগ্ৰী, বিভিন্ন নথি-পত্ৰ। প্ৰায় ১২ ৰ পৰা ১৫ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে।
খবৰ অনুসৰি, প্ৰায় ৫-৬ ঘণ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও SOHUM EMPORIAত জুই এতিয়াও উমি উমি জ্বলি থকা বুলি জানিব পৰা গৈছে। ক’লা ধোঁৱাই ছানি ধৰি আছে SOHUM EMPORIA।
