ইন্টাৰনেট নোহোৱাকৈ ব্যৱহাৰ কৰিব পাৰিব ইউটিউব! জানক এই সহজ প্ৰক্ৰিয়া…
আজিৰ সময়ত ইউটিউব সকলোৱে ব্যৱহাৰ কৰে। কিন্তু যেতিয়া ইণ্টাৰনেট নাথাকে আৰু গান শুনিবলৈ মন যায় তেতিয়া কি কৰিব? চিন্তা কৰাৰ প্ৰয়োজন নাই। আছে সহজ উপায়।

ইউটিউব
বৰ্তমান ডিজিটেলৰ যুগ। এই সময়চোৱাত প্ৰায় সকলোৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰে। তেনে এক মাধ্যম হ’ল ইউটিউব। বিভিন্নজনৰ হাতত থকা স্মাৰ্টফোনটোত ইউটিউব সহজে ব্যৱহাৰ কৰিব পাৰি। শিশুৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈ, প্ৰায় সকলোৱে ইউটিউবত গান, ছবি, ছিৰিজ আদিৰ লগতে বিভিন্ন ধৰণ ভিডিঅ’ চায়। ইন্টাৰনেট থকা সকলো ফোনতে ইউটিউবে কাম কৰে। কিন্তু যেতিয়া ইণ্টাৰনেট নাথাকে আৰু গান শুনিবলৈ মন যায় তেতিয়া কি কৰিব? চিন্তা কৰাৰ প্ৰয়োজন নাই। ইয়াত আমি আপোনালোকক এটা পদ্ধতি ক’ম যাৰ দ্বাৰা আপুনি ইণ্টাৰনেট অবিহনে ইউটিউব ব্যৱহাৰ কৰিব পাৰিব।
অফলাইন কেনেকৈ ব্যৱহাৰ কৰিব
- ইয়াৰ বাবে প্ৰথমে আপুনি, যেতিয়া আপোনাৰ স্মাৰ্টফোন বা টেবলেটত ইণ্টাৰনেট সংযোগ থাকে তেতিয়া ইউটিউব এপত গৈ আপোনাৰ প্ৰিয় ভিডিঅ’টো চলাওক।
- যদি আপুনি ইন্টাৰনেট নোহোৱাকৈ ভিডিঅ’টো চাব বিচাৰিছে তেন্তে ভিডিঅ’ত দেখাই থকা ডাউনলোড অপশ্যনটোত ক্লিক কৰক।
- তাৰ পাছত ভিডিঅ’ কোৱালিটি চিলেক্ট কৰি ডাউনলোড কৰক। ইয়াক আপুনি ল’, মিডিয়াম আৰু হাই কোৱালিটিত ডাউনলোড কৰিব পাৰে।
- যদি কম ডাটা ব্যৱহাৰ কৰিব বিচাৰিছে তেন্তে ল’ কোৱালিটিত ডাউনলোড কৰক। যদি বেছি ডাটা থাকে তেন্তে হাই কোৱালিটিত ডাউনলোড কৰি ভাল ভিডিঅ’ চাব পাৰে।
- তাৰ পাছত ভিডিঅ’টো চেভ হৈ যাব আৰু পৰৱৰ্তী সময়ত ইন্টাৰনেট নোহোৱাকৈ ভিডিঅ’ চাব পাৰিব।
কেনেকৈ চাব
ডাউনলোড হোৱাৰ পাছত আপোনাৰ ফোনত ইন্টাৰনেট নথকাৰ পাছতো ডাউনলোড কৰা ভিডিঅ’ প্লে কৰিব পাৰিব। ইয়াৰ বাবে ইউটিউবত গৈ ওপৰৰ সোঁফালে থকা প্ৰফাইল আইকনত ক্লিক কৰক। পাছত downloads option লৈ যাওক। ইয়াত আপুনি চেভ কৰা ভিডিঅ’বোৰ দেখা পাব। পাছত আপুনি চাব বিচৰা ভিডিঅ’টো প্লে কৰিব পাৰিব। এইদৰে ইণ্টাৰনেট অবিহনেও ইউটিউবত গীত শুনিব পাৰিব আৰু ভিডিঅ’ চাব পাৰিব।
অন্য খবৰ পঢ়কঃ মোবাইলৰ কভাৰত নোট বা কাগজ ৰাখে নেকি? তেন্তে সাৱধান, হ’ব পাৰে বিস্ফোৰণ, জানক সকলো…