প্ৰত্যাৱৰ্তনতে চমকিল মীৰাবাঈঃ অভিলেখ ৰচি জিনিলে কমনৱেলথ চেম্পিয়নশ্বিপৰ স্বৰ্ণ

অলিম্পিক ৰূপ জয়ী তাৰকাগৰাকীয়ে স্নেচত ৮৪ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১০৯ কিলোগ্ৰামসহ মুঠ ১৯৩ কিলোগ্ৰাম ওজন তুলি স্বৰ্ণ জয় কৰে। মীৰাবাঈ চানুৱে এইদৰে মুঠ ওজন, স্নেচ আৰু ক্লিন এণ্ড জাৰ্কত কমনৱেলথ চেম্পিয়নশ্বিপৰ নতুন অভিলেখ গঢ়ি তোলে।

প্ৰত্যাৱৰ্তনতে চমকিল মীৰাবাঈঃ অভিলেখ ৰচি জিনিলে কমনৱেলথ চেম্পিয়নশ্বিপৰ স্বৰ্ণ

মীৰাবাঈ চানুৰ স্বৰ্ণ জয়

Published: 

26 Aug 2025 06:47 AM

বিগত বৰ্ষত অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিকৰ পিছৰে পৰা কোনো প্ৰতিযোগিতাতে অংশ লোৱা নাছিল দেশৰ তাৰকা ভাৰাত্তোলক মীৰাবাঈ চানুৱে তেনে পৰিস্থিতিত দেশৰ ক্ৰীড়ানুৰাগীসকলে যথেষ্ট আশাৰে অপেক্ষা কৰিছিল টকিঅঅলিম্পিকৰ ৰূপৰ পদক জয়ী তাৰকাগৰাকীৰ প্ৰত্যাৱৰ্তনলৈ অৱশেষত ক্ৰীড়ানুৰাগীৰ এই অপেক্ষা স্বৰ্ণিল কৰি তুলিলে মীৰাবায়ে কমনৱেলথ চেম্পিয়নশ্বিপত অভিলেখসহ স্বৰ্ণ জয় কৰি মীৰাবাঈ চানুৱে ঘটালে ৰাজকীয় প্ৰত্যাৱৰ্তন মহিলাৰ ৪৮ কেজি শাখাত মীৰাবায়ে শীৰ্ষস্থান দখল কৰি জয় কৰে স্বৰ্ণ

অলিম্পিক ৰূপ জয়ী তাৰকাগৰাকীয়ে স্নেচত ৮৪ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১০৯ কিলোগ্ৰামসহ মুঠ ১৯৩ কিলোগ্ৰাম ওজন তুলি স্বৰ্ণ জয় কৰে মীৰাবাঈ চানুৱে এইদৰে মুঠ ওজন, স্নেচ আৰু ক্লিন এণ্ড জাৰ্কত কমনৱেলথ চেম্পিয়নশ্বিপৰ নতুন অভিলেখ গঢ়ি তোলে।

আঘাতৰ বাবে প্ৰায় এবছৰৰ পিছত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ ঘূৰি অহাৰ পিছতো ছটা প্ৰচেষ্টাৰ ভিতৰত তিনিটা সফল লিফ্ট কৰিবলৈ সক্ষম হয় চানু। এই সফলতাত অত্যন্ত সুখী বুলি মন্তব্য কৰে তাৰকা খেলুৱৈগৰাকীয়েসোণৰ পদক লাভ কৰি মই সঁচাকৈয়ে আনন্দিত হৈছো, কাৰণ অলিম্পিকৰ পিছত আৰু ৪৮ কেজি শাখাত এয়া মোৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ইভেণ্ট।”- তেওঁ কয়

অৱশ্যে প্ৰত্যাৱৰ্তনতে এনে প্ৰদৰ্শন যে আগবঢ়াব পাৰিব, সেই সম্পৰ্কে কিছু সন্দেহ আছিল বুলিও মন্তব্য কৰে মীৰাবাঈ চানুৱে উল্লেখ্য যে অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’ব বিশ্ব চেম্পিয়নশ্বিপ এনে পৰিস্থিতিত মীৰাবাঈৰ চানুৰ এই সফল প্ৰত্যাৱৰ্তন ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ বাবে অত্যন্ত আশাৰ খবৰ হিচাপে পৰিগণিত হৈছে

স্বাভাৱিকতেই কমনৱেলথ চেম্পিয়নশ্বিপৰ সফলতাই বিশ্ব চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত মীৰাবাঈ চানুৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। লক্ষণীয়ভাৱে ২০১৮ চনৰ পৰা এই ওজন শাখাত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল চানুৱে পেৰিছ অলিম্পিকতো তেওঁ ৪৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল

ইতিপূৰ্বে তেওঁ এই ৪৮ কিলোগ্ৰাম শাখাত বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ আৰু কমনৱেলথ গেমছৰ দুটা পদক লাভ কৰিছিল। গতিকে আগন্তুক বিশ্ব চেম্পিয়নশ্বিপতো মীৰাবাঈ চানুৰ পৰা পূৰ্বৰ এই সফলতাৰ পুনৰাবৃত্তি আশা কৰিছে দেশৰ ক্ৰীড়া অনুৰাগীসকলে।

ভগৱান গণেশৰ আছিল দুগৰাকী পত্নী, পিছে তেওঁৰ শহুৰেকৰ নাম কি আছিল জানেনে?
কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...