ক্ৰীড়া বিশ্বত পুনৰ উজলিল ভাৰতঃ দিব্যা দেশমুখে জিনিলে মহিলা দবা বিশ্বকাপৰ খিতাপ

যোৱা ৩ সপ্তাহ ধৰি জৰ্জিয়াৰ বাটুমিত আয়োজিত হৈছিল মহিলা দবা বিশ্বকাপ। ইতিপূৰ্বে দিব্যাই বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে ইতিহাসৰ সৃষ্টি কৰিছিল। তেওঁৰ পিছতে ভাৰতৰ প্ৰথমগৰাকী মহিলা গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পিয়েও ফাইনেলত প্ৰৱেশ কৰি এই খিতাপ যুঁজখন বিশেষ কৰি তুলিলে।

ক্ৰীড়া বিশ্বত পুনৰ উজলিল ভাৰতঃ দিব্যা দেশমুখে জিনিলে মহিলা দবা বিশ্বকাপৰ খিতাপ

মহিলা দবা বিশ্বকাপ ২০২৫ খিতাপ জয় দিব্যাৰ

Updated On: 

28 Jul 2025 17:38 PM

ক্ৰীড়া বিশ্বত চমক সৃষ্টি কৰিছে আন এগৰাকী ভাৰতীয়ই দেশক গৌৰৱান্বিত কৰি ইতিহাস সৃষ্টিৰে মহিলা দবা বিশ্বকাপ ২০২৫ খিতাপ অৰ্জন কৰিছে ভাৰতৰ যুৱ দবা খেলুৱৈ দিব্যা দেশমুখে। মাত্ৰ ১৯ বছৰীয়া দিব্যাই জৰ্জিয়াত অনুষ্ঠিত এই বিশ্বকাপৰ ফাইনেলত ভাৰতৰে কিংবদন্তি খেলুৱৈ কনেৰু হাম্পিক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। ইয়াৰ লগে লগে তেওঁ বিশ্বকাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা তাৰকা হিচাপে পৰিগণিত হয়। বিগত বৰ্ষত দিব্যাই জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নৰ খিতাপ লাভ কৰিছিল আৰু এতিয়া এই সফলতাৰ দৌৰ অব্যাহত ৰাখি ছিনিয়ৰ পৰায়তো লাভ কৰিছে শ্ৰেষ্ঠত্ব

যোৱা ৩ সপ্তাহ ধৰি জৰ্জিয়াৰ বাটুমিত আয়োজিত হৈছিল মহিলা দবা বিশ্বকাপ ইতিপূৰ্বে দিব্যাই বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে ইতিহাসৰ সৃষ্টি কৰিছিল। তেওঁৰ পিছতে ভাৰতৰ প্ৰথমগৰাকী মহিলা গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পিয়েও ফাইনেলত প্ৰৱেশ কৰি এই খিতাপ যুঁজখন বিশেষ কৰি তুলিলে।

এনে অৱস্থাত এইবাৰ মহিলা দবা বিশ্বকাপ ভাৰতলৈ অহাটো নিশ্চিত হৈ পৰিছিল আৰু দেশৰ ক্ৰীড়াপ্ৰেমীসকল এই ঐতিহাসিক সাফল্য উদযাপনৰ বাবে অত্যন্ত আশাৰে বাট চাই আছিল অৱশেষত আজি অভিজ্ঞ কনেৰু হাম্পিক পৰাস্ত কৰি মহিলা দবা বিশ্বকাপ ২০২৫ৰ খিতাপ জয় কৰে দিব্যা দেশমুখে

 

শনিবাৰে ফাইনেলত দিব্যা আৰু কনেৰুৰ মাজত প্ৰথমটো গেম অনুষ্ঠিত হৈছিল প্ৰথমটো গেমত দিব্যাই প্ৰায় জয়ৰ কাষ চাপিছিল যদিও কনেৰুৱে অভিজ্ঞতাৰ পূৰ্ণ ব্যৱহাৰেৰে ড্ৰ কৰিবলৈ সক্ষম হৈছিল ইয়াৰৰ পিছত দেওবাৰেও দুয়ো পুনৰ ড্ৰ খেলাত টাই ব্ৰেকৰ সহায় বলগা হয় আৰু অৱশেষত দিব্যই টাই ব্ৰেকত জয়লাভ কৰি বিশ্বকাপ খিতাপ নিজৰ দখললৈ আনে

মাত্ৰ ১৯ বছৰ বয়সতে এই খিতাপ দখল কৰি দিব্যাই দবা বিশ্বকাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে পৰিগণিত হয়। কেৱল এয়াই নহয়, এতিয়া ভাৰতৰ চতুৰ্থ মহিলা গ্ৰেণ্ডমাষ্টাৰ হিচাপেও পৰিগণিত হৈছে দিব্যা দেশমুখ ভাৰতৰ প্ৰথমগৰাকী মহিলা গ্ৰেণ্ডমাষ্টাৰক পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰিছে দিব্যাই।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...