এই তিনি ৰাশিৰ লোকৰ ওপৰত সততে সদয় ‘ক্ৰুৰ’ দেৱতা শনি, আপুনিও লাভ কৰেনে শনি দেৱতাৰ আশীৰ্বাদ?

জ্যোতিষত উল্লেখ থকা মতে শনি দেৱৰ আশীৰ্বাদ আৰু বিশেষ কৃপা লাভ কৰা কিছুমান ৰাশি আছে। শনি দেৱ এই ৰাশিসমূহৰ প্ৰতি দয়ালু। এই ৰাশি সমূহ শনি দেৱৰ অতি প্ৰিয়। জানো আহক এই ৰাশি সমূহৰ বিষয়ে।

এই তিনি ৰাশিৰ লোকৰ ওপৰত সততে সদয় ‘ক্ৰুৰ’ দেৱতা শনি, আপুনিও লাভ কৰেনে শনি দেৱতাৰ আশীৰ্বাদ?

দেৱতা শনিৰ প্ৰিয় এই ৩ ৰাশি

Updated On: 

05 Dec 2025 | 04:52 PM

হিন্দু ধৰ্মত শনি দেৱতাৰ গুৰুত্ব অসীম। শনি দেৱ ভগৱান সূৰ্যৰ পুত্ৰ বুলি লোক বিশ্বাস প্ৰচলিত। জ্যোতিষত শনি দেৱক নটা গ্ৰহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰহ বুলি গণ্য কৰা হয়। শনি দেৱক অত্যন্ত ক্ৰুৰ গ্ৰহ বুলিও কোৱা হয়। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি শনি দেৱতা কৰ্মৰ দাতা আৰু ন্যায়ৰ দেৱতা। এজন ব্যক্তিৰ কৰ্ম অনুযায়ী ফলাফল প্ৰদান কৰে দেৱতা শনিয়ে। জ্যোতিষ মতে শনি দেৱে মকৰ ৰাশি আৰু কুম্ভ ৰাশি- এই দুটা ৰাশিত শাসন কৰে।

শনি দেৱে দুখ আৰু কষ্ট কঢ়িয়াই আনে কেৱল কুকৰ্ম কৰা সকলৰ বাবে। শনি দেৱে সততাৰে কাম কৰা আৰু ধৰ্ম পালন কৰা সকলক সদায় নিজৰ আশীৰ্বাদ প্ৰদান কৰে। জ্যোতিষত উল্লেখ থকা মতে শনি দেৱৰ আশীৰ্বাদ আৰু বিশেষ কৃপা লাভ কৰা কিছুমান ৰাশি আছে। শনি দেৱ এই ৰাশিসমূহৰ প্ৰতি দয়ালু। এই ৰাশি সমূহ শনি দেৱৰ অতি প্ৰিয়। জানো আহক এই ৰাশি সমূহৰ বিষয়ে…

তুলা ৰাশি

শনি দেৱ তুলা ৰাশিত উচ্চ। তুলা ৰাশি শনি দেৱৰ বাবে অতি প্ৰিয়, কিয়নো তেওঁ ন্যায়ৰ দেৱতা আৰু তুলা ৰাশিয়ে জীৱনত ভাৰসাম্য ৰক্ষা কৰে। তুলা ৰাশিৰ লোকে শনি দেৱৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰে বুলি বিশ্বাস কৰা হয়। শনি দেৱৰ আশীৰ্বাদৰ বাবেই তুলা ৰাশিৰ লোকৰ কেতিয়াও ধন-সম্পত্তি, সমৃদ্ধি, বস্তুগত আৰামৰ অভাৱ নহয়।

মকৰ ৰাশি

মকৰ ৰাশিত শনি দেৱৰ শাসন। মকৰ ৰাশি স্বাভাৱিকতে অত্যন্ত পৰিশ্ৰমী। শনি দেৱৰ আশীৰ্বাদত মকৰ ৰাশিৰ লোকসকলে নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত অগ্ৰগতি লাভ কৰে বুলি বিশ্বাস কৰা হয়।

কুম্ভ ৰাশি

শনি দেৱ কুম্ভ ৰাশিৰো শাসক। কুম্ভ ৰাশি গ্ৰহ শনিৰ আদি ত্ৰিৰাশিও। কুম্ভ ৰাশিৰ লোক সামাজিক কামৰ প্ৰতি আগ্ৰহী আৰু অত্যন্ত দানশীল। শনি দেৱৰ আশীৰ্বাদত কুম্ভ ৰাশিৰ লোকে সমাজত অত্যন্ত সন্মান লাভ কৰে আৰু জীৱনত স্থিৰতা তথা সফলতা লাভ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...