Hanuman Puja: ধন-সম্পত্তিৰে উপচি পৰিব আপোনাৰ ঘৰ, মাথোঁ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
হনুমানৰ পূজা বিধি মতে কৰিলে সাধকে আকাংক্ষিত ফল লাভ কৰে। কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা লাভ কৰিবলৈ মঙলবাৰে ভগৱান হনুমানক পূজা কৰিবলৈ জ্যোতিষীসকলেও পৰামৰ্শ আগবঢ়ায়।

ধন-সম্পত্তিৰে উপচি পৰিব আপোনাৰ ঘৰ
সংকটমোচন হনুমানক বিভিন্নজনে পূজা কৰে। বিশেষকৈ মঙলবাৰৰ দিনটো হনুমানৰ দিন হিচাপে ধৰা হয়। এই দিনটোত বহুজনে উপবাসে থাকি ভগবানক পূজা কৰে। মান্যতা অনুসৰি, হনুমানক পূজা কৰিলে এজন ব্যক্তিৰ বহু সমস্যা দূৰ হয়।
হনুমানৰ পূজা বিধি মতে কৰিলে সাধকে আকাংক্ষিত ফল লাভ কৰে। কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা লাভ কৰিবলৈ মঙলবাৰে ভগৱান হনুমানক পূজা কৰিবলৈ জ্যোতিষীসকলেও পৰামৰ্শ আগবঢ়াই। আনহাতে ৰাশিফলত মংগল গ্ৰহ শক্তিশালী হ’লে চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা প্ৰবল বুলি কোৱা হয়।
হনুমানক পূজা কৰিলে এই কেইটা কথা গুৰুত্ব দিয়া উচিত…
- শনিবাৰে আৰু মঙলবাৰে, হনুমানৰ মন্দিৰলৈ যাওঁক আৰু ১১ টা আঁহত পাত আগবঢ়াওক।
- সেন্দুৰৰ সৈতে আঁহত পাতত জয় শ্ৰী ৰাম লিখি, তাৰ পিছত হনুমান চালিচা জপ কৰাটো আৰু অধিক লাভজনক হ’ব।
- আনহাতে এই পাতবোৰৰ মালা এডাল বনায়ো হনুমানক আগবঢ়াব পাৰে।
- মঙলবাৰে উপবাসৰ সময়ত, হনুমান আৰু শ্ৰী ৰামৰ নাম জপ কৰক। এই দিনটোত, হনুমানজীৰ মন্দিৰলৈ যাওক আৰু বান্দৰকো কিবা খুৱাওক।
- মঙলবাৰে উপাসনাত বেছি অধিক কমলা ৰং ব্যৱহাৰ কৰক। উদাহৰণ স্বৰূপে, কমলা কাপোৰ পিন্ধিব আৰু হনুমানক কমলা ফুল আগবঢ়াব।
- মঙলবাৰে হনুমানক সেন্দুৰ দিব পাৰে বা ৰঙাফুল আৰু পানৰ মালা আগবঢ়াব পাৰে।
- এই সময়ত হনুমান চালিচাৰ উপৰিও বজৰং বাণ পাঠ কৰক। যদি সময় থাকে তেন্তে সুন্দৰ কাণ্ড আবৃত্তি কৰক। শেষত, আৰতি আগবঢ়াওক আৰু সুখ, সমৃদ্ধি, শক্তি, বুদ্ধিমত্তা, জ্ঞান আৰু শক্তি বিচাৰক