হৰণ কৰাৰ পিছতো সীতাক কিয় স্পৰ্শ কৰা নাছিল ৰাৱণে? আঁৰত আছিল এনে কাৰণ…
পিছে ৰাৱণক কোনে এই অভিশাপ দিছিল আৰু এই অভিশাপৰ সৈতে সীতাক স্পৰ্শ নকৰাৰ কাৰণৰ কি সম্পৰ্ক আছে, সেয়া হয়তো বহু লোকেই জ্ঞাত নহয়। গতিকে ৰামায়ণৰ এই বিশেষ কাহিনীভাগৰ বিষয়ে তথা ৰাৱণে লাভ কৰা এই অভিশাপৰ বিষয়ে জানো আহক।

ৰাৱণ (প্ৰতিনিধিত্বমূলক ছবি)
মহাকাব্য ৰামায়ণৰ অন্যতম প্ৰধান চৰিত্ৰ ৰাৱণ। লংকা অধিপতি এই ৰাৱণ আছিল এগৰাকী মহাবীৰ, এগৰাকী প্ৰবল যোদ্ধা। তেওঁক ত্ৰিজগতৰ বিজয়ী হিচাপে বৰ্ণনা কৰা হৈছে। ভগৱান ব্ৰহ্মা আৰু ভগৱান শিৱৰ পৰা বহু বৰ লাভ কৰি তেওঁ হৈ পৰিছিল অত্যন্ত পৰাক্ৰমী। বীৰৰ সমান্তৰালকৈ তেওঁ আছিল পাণ্ডিত্যৰ অধিকাৰী। সকলো বেদৰ জ্ঞানৰ অধিকাৰী আছিল ৰাৱণ। অৱশ্যে বৰদানৰ সমান্তৰালকৈ ৰাৱণে এক অভিশাপ পাইছিল। এই অভিশাপৰ বাবেই ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পিছতো স্পৰ্শ কৰিবলৈ সাহস কৰা নাছিল।
পিছে ৰাৱণক কোনে এই অভিশাপ দিছিল আৰু এই অভিশাপৰ সৈতে সীতাক স্পৰ্শ নকৰাৰ কাৰণৰ কি সম্পৰ্ক আছে, সেয়া হয়তো বহু লোকেই জ্ঞাত নহয়। গতিকে ৰামায়ণৰ এই বিশেষ কাহিনীভাগৰ বিষয়ে তথা ৰাৱণে লাভ কৰা এই অভিশাপৰ বিষয়ে জানো আহক।
বাল্মিকী ৰামায়ণৰ উত্তৰকাণ্ডৰ ২৬ অধ্যায় আৰু ৩৯ নং পদ অনুসৰি ৰাৱণ এবাৰ নিজ ভাতৃ কুবেৰক লগ কৰিবলৈ গৈছিল। কুবেৰৰ নগৰ অলকা স্বৰ্গত আছিল। তাতে ৰাৱণে অপেশ্বৰী ৰম্ভাৰ সাক্ষাৎ পায়। ৰম্ভাৰ সৌন্দৰ্য দেখি ৰাৱণ তেওঁৰ প্ৰতি মোহিত হৈ পৰিল। ইয়াৰ পিছত ৰাৱণে ৰম্ভাৰ প্ৰতি অনুচিত আচৰণ কৰিবলৈ ধৰিলে।
নল কুবেৰে কৰে অপমান
ৰাৱণৰ এনে আচৰণৰ প্ৰতিবাদ কৰিলে ৰম্ভাই। তেওঁ লগতে ৰাৱণক ভাতৃ কুবেৰৰ পুত্ৰ নল কুবেৰৰ হ’বলগীয়া পত্নী বুলি সোঁৱৰাই দিয়ে। গতিকে তেওঁ যে ৰাৱণৰ বোৱাৰী সেয়াও আঙুলিয়াই দিয়ে, কিন্তু ৰাৱণে তেতিয়াও ৰম্ভাক অন্যায়ভাৱে ব্যৱহাৰ কৰিছিল। ইফালে এই কথা জানিব পাৰি নল কুবেৰেও ৰাৱণক অপমান কৰে।
ৰাৱণক দিয়ে অভিশাপ
ইয়াৰ পিছতে নল কুবেৰে ৰাৱণক সকীয়াই দিছিল যে যদি তেওঁ কেতিয়াবা কোনো মহিলাক তেওঁৰ সন্মতি অবিহনে স্পৰ্শ কৰে তেতিয়া তেওঁৰ মূৰ ১০০ টুকুৰা হৈ পৰিব। তেতিয়াৰ পৰা ৰাৱণে কেতিয়াও কোনো নাৰীক সন্মতি অবিহনে স্পৰ্শ কৰাৰ চেষ্টা কৰা নাছিল। সেয়ে ৰাৱণে সীতাক অপহৰণ কৰি লংকালৈ নিয়াৰ পিছতো কেতিয়াও স্পৰ্শ কৰা নাছিল।
বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লেখ কৰা তথ্যসমূহ ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। TV9 Assam-এ এই সন্দৰ্ভত নিজা কোনো মন্তব্য প্ৰকাশ কৰা নাই।