একে গোত্ৰত কিয় বিবাহ কৰা নহয়? ভৱিষ্যতে হ’ব পাৰে নেকি কোনো বিপদ!

বিবাহৰ সময়ছোৱাত বহু বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰে এটা গুৰুত্বপূৰ্ণ দিশ হ’ল গোত্ৰ। হিন্দু ধৰ্মত কেতিয়াও একেটা গোত্ৰৰ ভিতৰতে বিবাহ সম্পন্ন নহয়, কিন্তু কিয় এই নিয়ম মানি চলা হয়? এই বিষয়ে বিতংভাৱে জানো আহক।

একে গোত্ৰত কিয় বিবাহ কৰা নহয়? ভৱিষ্যতে হ’ব পাৰে নেকি কোনো বিপদ!

প্ৰতিনিধিত্বমূলক ছবি

Published: 

23 Dec 2025 | 02:04 PM

হিন্দু ধৰ্মৰ ১৬ টা সংস্কাৰৰ ভিতৰত বিবাহক অন্যতম এক সংস্কাৰ হিচাপে গণ্য কৰা হয়। এই সংস্কাৰৰ জৰিয়তে দুজন ব্যক্তিৰ মাজত বৈবাহিক জীৱনৰ আৰম্ভণি হয়। হিন্দু ধৰ্মত বিবাহৰ সৈতে বহু বিশেষ ৰীতি-নীতি তথা পৰম্পৰা জড়িত হৈ থাকে। বিবাহৰ সময়ছোৱাত বহু বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰে এটা গুৰুত্বপূৰ্ণ দিশ হ’ল গোত্ৰ। হিন্দু ধৰ্মত কেতিয়াও একেটা গোত্ৰৰ ভিতৰতে বিবাহ সম্পন্ন নহয়, কিন্তু কিয় এই নিয়ম মানি চলা হয়? এই বিষয়ে বিতংভাৱে জানো আহক।

গোত্ৰৰ আক্ষৰিক অৰ্থ কুল বা বংশ। প্ৰাচীন কালত ঋষি-মুনিৰ বংশধৰসকলক গোত্ৰত বিভক্ত কৰা হৈছিল। প্ৰতিটো গোত্ৰৰ মূল ঋষি থাকে, তেওঁৰ নামে সেই গোত্ৰক চিনাক্ত কৰে। যেনে কাশ্যপ গোত্ৰ, ভৰদ্বাজ গোত্ৰ, গৌতম গোত্ৰ আদি। একেটা গোত্ৰৰ অন্তৰ্গত লোকক সাধাৰণতে পূৰ্বপুৰুষৰ বংশধৰ হিচাপে গণ্য কৰা হয় আৰু সেয়েহে তেওঁলোকক ৰক্ত সম্পৰ্কীয় বুলি কোৱা হয়।

একেটা গোত্ৰৰ ভিতৰতে নহয় বিবাহ

একেটা গোত্ৰৰ ভিতৰতে বিয়া নকৰাৰ ধৰ্মীয় কাৰণ আছে। হিন্দু ধৰ্মীয় গ্ৰন্থ অনুসৰি একেটা গোত্ৰৰ অন্তৰ্গত লোকক ভাতৃ-ভগ্নী হিচাপে গণ্য কৰা হয়। কাৰণ তেওঁলোকক একেটা ঋষিৰ বংশধৰ বুলি গণ্য কৰা হয়। গতিকে একেটা গোত্ৰৰ ভিতৰত বিবাহক ঋষি পৰম্পৰাৰ উলংঘা বুলি গণ্য কৰা হয়।

বিশ্বাস অনুসৰি একেটা গোত্ৰৰ ভিতৰত বিবাহৰ ফলত বৈবাহিক বিসংগতিৰ সৃষ্টি হয়, ইয়াৰ ফলত দৰা-কইনাৰ জীৱনত সমস্যাৰ সৃষ্টি হয়। তদুপৰি একেটা গোত্ৰৰ ভিতৰতে বিবাহৰ পিছত জন্ম হোৱা সন্তানে শাৰীৰিক আৰু মানসিক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি বুলিও কোৱা হয়।

বৈজ্ঞানিক কাৰণ

বৈজ্ঞানিক বাখ্যা মতেও একেটা গোত্ৰৰ ভিতৰতে হোৱা বিবাহৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিজ্ঞানৰ মতে একেটা গোত্ৰ বা বংশৰ ভিতৰত বিবাহ হ’লে সন্তানৰ জিনীয় বিসংগতিৰ সৃষ্টি হ’ব পাৰে। এনে দম্পতীৰ পৰা জন্ম হোৱা সন্তানৰ কোনো স্বকীয়তাৰ অভাৱেও দেখা দিব পাৰে বুলি কোৱা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...