Jagannath Temple: কিয় জগন্নাথ মন্দিৰৰ ছাঁ গঠন নহয়? মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ পূৰ্বে জানক ৰহস্য
আজি পহিলা মাঘ। এই মাহটোক অসমবাসীয়ে ধৰ্মীয় মাহ বুলি গণ্য কৰে। বহুলোকে তীৰ্থস্থান ভ্ৰমণৰ বাবে এই মাহটোক উত্তম বুলি কয়। আজি আপোনালোকক জনাম চাৰি ধামৰ অন্যতম ধাম জগন্নাথ ধামৰ এক ৰহস্য, যিটো আজিও বিজ্ঞানে ধৰিব পৰা নাই!

জগন্নাথ মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থস্থান। ভাৰতৰ একমাত্ৰ এই মন্দিৰ য’ত কৃষ্ণৰ ভগ্নী সুভদ্ৰাক তেওঁৰ ভাতৃ জগন্নাথ আৰু বলভদ্ৰৰ সৈতে পূজা কৰা হয়। মন্দিৰৰ তথ্য অনুসৰি অৱন্তীৰ ৰজা ইন্দ্ৰদ্যুম্নে পুৰীত জগন্নাথৰ মূল মন্দিৰ নিৰ্মাণ কৰিছিল। দশম শতিকাৰ পৰা আৰম্ভ কৰি পূব গংগা বংশৰ প্ৰথম ৰজা অনন্তবৰ্মন চোদাগংগাই মূল জগন্নাথ মন্দিৰক বাদ দি চৌহদৰ পূৰ্বতে থকা মন্দিৰসমূহৰ স্থানত বৰ্তমানৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। য’ত জগন্নাথ নিজে বাস কৰে। চাৰি ধামৰ ভিতৰত পুৰী অন্যতম। পুৰী ওড়িশাত অৱস্থিত জগন্নাথ মন্দিৰ ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত উৎসৰ্গিত। বাকী তিনি ধাম হৈছে দ্বাৰকা , বদ্ৰীনাথ আৰু ৰামেশ্বৰম ।
আজিও এই মন্দিৰৰ ৰহস্য দেখি বিজ্ঞানীসকল আচৰিত হৈ যায়। এই মন্দিৰত বহু ৰহস্য লুকাই আছে, যাৰ বাবে ভগৱান জগন্নাথ মন্দিৰক সমগ্ৰ বিশ্বৰ লোকে বিশ্বাস কৰে।
এই মন্দিৰটো পৃথিৱীৰ আটাইতকৈ ওখ আৰু ধুনীয়া মন্দিৰ। ইয়াৰ উচ্চতা প্ৰায় ২১৪ ফুট আৰু ই ৪ লাখ বৰ্গফুটত বিস্তৃত এক আচৰিত মন্দিৰ। কিন্তু এই মন্দিৰৰ গম্বুজৰ ছাঁ আপুনি দেখা নাপায়। জগন্নাথ মন্দিৰত ছাঁ নপৰাৰ মূল কাৰণ হ’ল ইয়াৰ উল্লেখযোগ্য স্থাপত্য, য’ত মূল গম্বুজটো এনেদৰে ডিজাইন কৰিছে যে ইয়াৰ ছাঁ মাটিত পৰাৰ সলনি মন্দিৰৰ উপৰিভাগ বা ওপৰত পৰে। ইয়াৰ ফলত ই অদৃশ্য হৈ পৰে আৰু কিছুমানে ইয়াক ঐশ্বৰিক অলৌকিকতা বুলি গণ্য কৰে। মন্দিৰৰ উচ্চতা, পিৰামিডৰ দৰে ডিজাইন আৰু দিশৰ নিখুঁত গাণিতিক সংমিশ্ৰণে এই ৰহস্যৰ সৃষ্টি কৰে, যিটো আনকি বিজ্ঞানীসকলেও বিভ্ৰান্তিকৰ বুলি বিবেচনা কৰে।
ইয়াৰোপৰি, মন্দিৰৰ ওপৰেৰে উৰিব নোৱাৰে চৰাই আৰু বিমান। জনবিশ্বাস মতে, জগন্নাথ পুৰী মন্দিৰৰ ৰক্ষা গৰুড় চৰাইয়ে কৰে। গৰুড়ক চৰাইৰ ৰজা বুলি গণ্য কৰা হয়। এনে ক্ষেত্ৰত এই মন্দিৰৰ ওপৰেৰে আন চৰাই উৰি নাযায়। আনহাতে জগন্নাথ পুৰী মন্দিৰৰ ওপৰৰ অংশত আঠ ধাতুৰে নিৰ্মিত এটা চক্ৰ আছে।
অষ্ট ধাতুৰে নিৰ্মিত এই চক্ৰটোক ‘নীলচক্ৰ’ বুলিও কোৱা হয়। ইয়াক এনেদৰে নিৰ্মাণ কৰা হৈছে যে, পুৰীৰ যিকোনো কোণৰ পৰা দেখা যায় আৰু যিকোনো দিশৰ পৰাও দেখা যায়। এইটো চালে এনে অনুভৱ কৰিব যে এই চক্ৰটো আপোনাৰ ফালে মুখ কৰি আছে। এই চক্ৰই মন্দিৰৰ ওপৰেৰে উৰি যোৱা বিমানবোৰত বাধাৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়। সেইবাবেই এই মন্দিৰৰ ওপৰেৰে কোনো বিমান উৰিব নোৱাৰে।
লগতে পঢ়ক- বদ্ৰীনাথত যোৱাৰ কথা ভাবিছে নেকি?