Dhanteras 2025: ধনতেৰাচত কিয় ধন্বন্তৰি দেৱতাৰ পূজা কৰা হয়?

প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখত ধনতেৰাচ উৎসৱ পালন কৰা হয়। এইবাৰ ১৮ অক্টোবৰত ধনতেৰাচ উৎসৱ পালন কৰা হ’ব। ধনতেৰাচৰ দিনা সোণ, ৰূপ, বাচন, ঝাড়ুৰ দৰে বস্তু কিনাটো অতি শুভ বুলি গণ্য কৰা হয়। ধনতেৰাচ উপলক্ষে ভগৱান ধন্বন্তৰিৰ পূজাৰ পৰম্পৰা আছে।

Dhanteras 2025: ধনতেৰাচত কিয় ধন্বন্তৰি দেৱতাৰ পূজা কৰা হয়?

ধনতেৰাচত কিয় ধন্বন্তৰি দেৱতাৰ পূজা কৰা হয়?

Published: 

15 Oct 2025 22:42 PM

ধনতেৰাচ হ’ল হিন্দু সকলৰ উৎসৱ। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্‌ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপবাস-উপাসনাৰে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোণ আনি ঘৰত স্থাপন কৰা হয়। ‌ এই উৎসৱ মূলত উত্তৰ ভাৰতীয়। এই উৎসৱত সোণ বা তেনে কোনো মূল্যবান ধাতু ক্ৰয় কৰা হয়। যাতে গোটেই বছৰজুৰি ঘৰত বা ব্যৱসায়ত লক্ষ্মী থাকে।

ধনতেৰাচ দুটা শব্দৰে গঠিত, প্ৰথম ধন আৰু দ্বিতীয় তেৰাচ, যাৰ অৰ্থ তেৰগুণ ধন। ভাৰতীয় সংস্কৃতিত স্বাস্থ্যক সৰ্বাধিক সম্পদ বুলি গণ্য কৰা হয়। এই কথাষাৰ আজিও বিখ্যাত যে ‘প্ৰথম সুখ হ’ল সুস্থ শৰীৰ, দ্বিতীয় সুখ ঘৰত মায়া’, সেয়েহে দীপাৱলীৰ আগত ধনতেৰাচক গুৰুত্ব দিয়া হয়।

ইয়াৰ লগতে এই দিৱসটো ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস হিচাপেও পালন কৰা হয়। ভগৱান ধন্বন্তৰিৰ পিছত দুদিন পিছত সাগৰৰ পৰা মাতৃ লক্ষ্মী আবিৰ্ভাৱ হয়, সেয়েহে ধনতেৰাচৰ ২ দিন পিছত দীপাৱলী উৎসৱ পালন কৰা হয়। ভগৱান ধন্বন্তৰিক পূজা কৰি স্বাস্থ্য আৰু সুখ লাভ কৰে।

ধন্বন্তৰি কোন?

বেদ আৰু পুৰাণত ধন্বন্তৰিক আয়ুৰ্বেদৰ দেৱতা বুলি উল্লেখ আছে। এওঁক দেৱতা সকলৰ চিকিৎসক বুলি গণ্য কৰা হয়। ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ ধন্বন্তৰি দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত হাতত অমৃতৰ ঘটলৈ সাগৰৰ পৰা অৱতৰণ হৈছিল। সেয়ে দেৱালীৰ দুদিন আগতে তেওঁৰ জন্মজয়ন্তী পালন কৰা হয়। এই দিনা ভাৰতৰ কিছুমান ঠাইত ধনতেৰাচ হিচাপে পালন কৰা হয়। তেওঁৰ হাতত শংখ, চক্ৰ, অমৃতৰ ঘট আৰু বনৌষধি থাকে। আয়ুৰ্বেদৰ জনক হিচাপে তেওঁক সুস্থ আৰু আৰোগ্য জীৱন লাভ কৰিবলৈ পূজা অৰ্চনা কৰে। আয়ুৰ্বেদিক মহাবিদ্যালয় সমূহত ধন্বন্তৰিক বিশেষ মৰ্যাদা দিয়া হয়। ২০১৬ চনত ভাৰত চৰকাৰ আৰু আয়ুস মন্ত্ৰণালয়ে ধন্বন্তৰি জয়ন্তীক ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰে।

ৰামায়ণৰ বালকাণ্ড আৰু ভাগৱত পুৰাণৰ মতে ক্ষীৰ সাগৰ মন্থনৰ ফলত ধন্বন্তৰিৰ উৎপত্তি হৈছিল। দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক ত্ৰয়োদশী তিথিত তেওঁৰ অভিৰ্ভাৱ হৈছিল। মন্দৰগিৰী পৰ্বতক মন্থন দণ্ড আৰু সৰ্পৰাজ বাসুকীক মন্থনজৰী হিচাপে ব্যৱহাৰ কৰা সাগৰ মন্থনত উদ্ভৱ ধন্বন্তৰিৰ হাতৰ অমৃত পাবলৈ দেৱতা অসুৰে হাহাকাৰ কৰিছিল। পিছত বিষ্ণুয়ে মোহিনী অৱতাৰ ধৰি দেৱতাক অমৃত পান কৰাত সহায় কৰিলে। ধন্বন্তৰিক আয়ুৰ্বেদৰ জনক বুলি কোৱা হয়।

ভগৱান ধন্বন্তৰিক সংস্কৃত গ্ৰন্থ সমূহত বিষ্ণুৰ এক অৱতাৰ বুলি উল্লেখ আছে। তেওঁক এজন সুঠাম দেহৰ সুন্দৰ পুৰুষৰ ৰূপত কল্পনা কৰা হয়। তেওঁৰ হাত চাৰিখন। তেওঁৰ এখন হাতত শংখ, এখনত চক্ৰ, এখনত জোক আৰু আন এখনত সঞ্জীৱনী সুধা অৰ্থাৎ অমৃতৰ ঘট থাকে। কিছুমান স্বৰূপত তেওঁৰ ওচৰত বনৌষধি আৰু আয়ুৰ্বেদ শাস্ত্ৰ দেখুওৱা হয়।

মন্দিৰ ক’ত ক’ত আছে?

ভাৰতৰ বিভিন্ন ঠাইত ধন্বন্তৰিৰ মন্দিৰ অৱস্থিত। দক্ষিণ ভাৰতত তেওঁৰ মন্দিৰৰ সংখ্যা ভাৰতৰ আন ঠাই সমূহতকৈ বেছি। কেৰালা আৰু তামিলনাডুত আয়ুৰ্বেদৰ ব্যাপক চৰ্চা কৰা বাবে ইয়াত ধন্বন্তৰিৰ মন্দিৰৰ সংখ্যা বেছি। তদুপৰি আয়ুৰ্বেদিক মহাবিদ্যালয় তথা পাৰম্পৰিক ভাৰতীয় চিকিৎসা প্ৰতিষ্ঠানত ধন্বন্তৰিক পূজা কৰা হয়।

প্লাষ্টিকৰ বৰ্তনত খাদ্য খোৱাৰ অভ্যাস আছে নেকি? তেন্তে হওক সাৱধান!
ঘৰ নিৰ্মাণৰ পূৰ্বে বাস্তুৰ এইসমূহ নিয়ম অনুসৰণ কৰাটো দৰকাৰ, নহ'লে বিপদ অনিবাৰ্য!
হঠাতে কেতিয়াবা শ্মশানযাত্ৰা দেখা ভাল নে বেয়া? জানক শাস্ত্ৰই কি কয়...
হ'ব অমংগল! আনৰ পৰা ধাৰ লৈ এইসমূহ বস্তু নথ'ব ঘৰত, জানক...