Wedding Rituals: বিবাহৰ সময়ত কিয় তিনিবাৰকৈ শিৰত সেন্দূৰ দিয়ে? আঁৰৰ কাৰণ জানক

বিবাহৰ নিয়মৰ ঠাই ভেদে বেলেগ বেলেগ। সেই সময়ত দৰাই কইনাৰ শিৰত সেন্দূৰ আঁকি দিয়ে। দৰাই এবাৰ নহয়, মুঠতে তিনিবাৰ সেন্দূৰ লগায়। এয়া কেৱল এটা ৰীতি-নীতি নহয়, ইয়াৰ আঁৰত আছে গভীৰ ধৰ্মীয় কাৰণ।

Wedding Rituals: বিবাহৰ সময়ত কিয় তিনিবাৰকৈ শিৰত সেন্দূৰ দিয়ে? আঁৰৰ কাৰণ জানক
Published: 

21 Nov 2025 | 02:57 PM

ভাৰতীয় সংস্কৃতিত বিবাহ এক পবিত্ৰ বান্ধোন। বিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু আৱেগিক মুহূৰ্ত হ’ল সেন্দূৰৰ দিয়া ৷ এগৰাকী হিন্দু বিবাহিত মহিলাৰ বাবে সেন্দূৰ তেওঁৰ বিবাহিত জীৱনৰ প্ৰতীক। স্বামীৰ দীৰ্ঘায়ু কামনা কৰিবলৈ শিৰত বুলাই দিয়া হয়। সেন্দূৰ বিবাহ অনুষ্ঠানৰ এক গুৰুত্বপূৰ্ণ অংশ। কিন্তু এই শুভ কাম তিনিবাৰ কিয় কৰা হয়? ইয়াৰ আঁৰৰ কাৰণটো জানি লওক।

বিবাহৰ নিয়ম ঠাইভেদে বেলেগ বেলেগ। বিয়াৰ সময়ত দৰাই কইনাৰ শিৰত সেন্দূৰ আঁকি দিয়ে। কইনাৰ শিৰত এবাৰ নহয়, মুঠত তিনিবাৰ সেন্দূৰ লগায়। এয়া কেৱল এটা ৰীতি-নীতি নহয়, ইয়াৰ আঁৰত আছে এক গভীৰ ধৰ্মীয় কাৰণ। শিৰত তিনিগৰাকী দেৱীৰ আশীৰ্বাদ লাভকৰে বুলি কোৱা হয়।

তিনিবাৰকৈ সেন্দূৰ প্ৰয়োগ কৰাৰ তিনিটা ধৰ্মীয় তাৎপৰ্য

পণ্ডিত আৰু শাস্ত্ৰ বিশেষজ্ঞৰ মতে, বিবাহৰ সময়ত তিনিবাৰকৈ সেন্দূৰ লগালে নৱবিবাহিত দম্পতীয়ে জীৱনৰ তিনিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত শক্তি দেৱীৰ আশীৰ্বাদ লাভ কৰে।

প্ৰথম শিৰৰ সেন্দূৰে নৱবিবাহিত দম্পতীৰ জীৱনলৈ সুখ আৰু প্ৰচুৰতা কঢ়িয়াই আনে। আশা কৰা হৈছে যে তেওঁলোকৰ বিবাহিত জীৱন আনন্দ আৰু সুখেৰে ভৰি পৰিব। প্ৰথম শিৰত দিয়া সেন্দূৰে লক্ষ্মী দেৱীৰ আশীৰ্বাদ বুজায়।

দেৱী সৰস্বতীৰ আশীৰ্বাদ (জ্ঞান আৰু প্ৰজ্ঞা) দ্বিতীয়বাৰৰ বাবে সেন্দূৰ দিলে পোৱা যায়। জ্ঞান, প্ৰজ্ঞাৰ দেৱী সৰস্বতীৰ লগত ইয়াৰ সম্পৰ্ক আছে। এই পদক্ষেপে বুজায় যে বিবাহিত জীৱনত কেৱল প্ৰেমেই যথেষ্ট নহয়, ইয়াৰ লগত জ্ঞান আৰু প্ৰজ্ঞাৰ প্ৰয়োজন।

তৃতীয়বাৰ সেন্দূৰ দিলে দেৱী পাৰ্বতীৰ আশীৰ্বাদ (শক্তি আৰু সুৰক্ষা) পোৱা যায়। ইয়াৰ লগত শক্তিৰ দেৱী পাৰ্বতীৰ সম্পৰ্ক আছে। এই সেন্দূৰে দম্পতীৰ সকলো ধৰণৰ অশুভ শক্তি, বিপদ বা সমস্যাৰ পৰা ৰক্ষা কৰে। ই নৱবিবাহিনীক কঠিন সময়ত একেলগে যুঁজিবলৈ শক্তি আৰু সাহস দিয়ে।

ইয়াৰোপৰি সেন্দূৰ শিৰত বুলাই দিয়াৰ সময়ত নাকত পৰিলেো শুভ বুলি কোৱা হয়। এয়া স্বামীৰ সৈতে সম্পৰ্ক মধুৰ হোৱাৰ চিন বুলি বিবেচনা কৰা হয়। ভাৰতীয় বিবাহৰ গভীৰ বিশ্বাস আৰু আধ্যাত্মিক সংযোগকো প্ৰতিফলিত কৰে।

(স্পষ্টীকৰণঃ এই লেখাত উল্লেখ কৰা তথ্যসমূহ সম্পূৰ্ণ ৰূপে ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। TV9 Assam -এ এই বিষয়ত নিজা কোনো ধৰণৰ মত প্ৰকাশ কৰা নাই।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব