মহাকুম্ভত দেখা পোৱা নাগা সন্ন্যাসীসকল ক’ত থাকে ? জানিলে আচৰিত হ’ব

কুম্ভমেলাত দেখা পোৱা নাগা সন্ন্যাসীসকল এই কুম্ভৰ পিছত ক’ত নোহোৱা হৈ যায় ? কুম্ভৰ দৰে বিশেষ অনুষ্ঠানত দেখা পোৱা নাগা সন্ন্যাসীসকল কুম্ভৰ শেষত ক’ত হেৰাই যায়? তেওঁলোকৰ বাসস্থান ক’ত?

মহাকুম্ভত দেখা পোৱা নাগা সন্ন্যাসীসকল ক’ত থাকে ? জানিলে আচৰিত হ’ব

নাগা সাধু

Updated On: 

14 Jan 2025 20:45 PM

কোৱা হয় যে, নাগা সন্ন্যাসীসকলে বিলাসীতাত একেবাৰে বিশ্বাস নকৰে । তেওঁলোকে আনন্দৰ বাবে কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰে । জীৱনৰ প্ৰতি পদত কঠোৰ নিয়ম নানি চলে । ভাৰতৰ মহাকুম্ভ মেলা সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান। যদিও চাৰি বছৰৰ মূৰে মূৰে কুম্ভমেলা অনুষ্ঠিত হয়, তথাপিও প্ৰয়াগৰাজত প্ৰতি বাৰ বছৰৰ মূৰে মূৰে মহা কুম্ভমেলা পালন কৰা হয়।

এই মহাকুম্ভৰ দৰে পবিত্ৰ ধৰ্মীয় অনুষ্ঠানৰ বাবে সাধু-সন্ন্যাসীসকলে আগ্ৰহেৰে বাট চাই থাকে। বিশেষকৈ এইবাৰ মহাকুম্ভ মেলাত নাগা সাধুসকলৰ ভিৰে সকলোৰে চকু কপালত তুলিছে । আপোনাৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে, কুম্ভমেলাত দেখা পোৱা নাগা সন্ন্যাসীসকল এই কুম্ভৰ পিছত ক’ত নোহোৱা হৈ যায় ? কুম্ভৰ দৰে বিশেষ অনুষ্ঠানত দেখা পোৱা নাগা সন্ন্যাসীসকল কুম্ভৰ শেষত ক’ত হেৰাই যায়? তেওঁলোকৰ বাসস্থান ক’ত?

পবিত্ৰ নদী, মন্দিৰ, তীৰ্থস্থানৰ বাহিৰে ক’তো দেখা নাযায় নাগা সন্ন্যাসীসকলক। গতিকে তেওঁলোকে ক’ত থাকে? অৱশ্যে এই কথা স্পষ্টভাৱে কোৱাটো কঠিন । শুনা যায় যে কুম্ভৰ আগত বা পিছত তেওঁলোকে কেৱল ভিক্ষা কৰি বা হাবি-পাহাৰে জীৱন অতিবাহিত কৰে । প্ৰকৃতিৰ পৰা পোৱা খাদ্য খাই তেওঁলোকে ভোক দূৰ কৰে ।

ধ্যান আৰু যোগৰ বাবে নাগা সন্ন্যাসীসকলে বহুদিন ভোক আৰু পিয়াহত থাকিব পাৰে। তেওঁলোকে ৰাজহুৱা স্থানত ওলাই আহি ভাল নাপায়। কিন্তু তেওঁলোকে দিনৰ পৰিৱৰ্তে ৰাতি ভ্ৰমণ কৰাটো বেছি পছন্দ কৰে । তেওঁলোকে বেছিভাগ সময় ঈশ্বৰৰ উপাসনাত কটায় । তেওঁলোকৰ এটা ৰহস্যময় জ্ঞান বা ক্ষমতা আছে। তেওঁলোকে সংগীয়ে প্ৰেৰণ কৰা বাৰ্তা লাভ কৰিব পাৰে বুলি কোৱা হয় ।

আপোনাৰ কলেষ্টেৰলৰ সমস্যা হ্ৰাস কৰিব পাৰে তুলসীয়ে! জানি লওক ব্যৱহাৰৰ সঠিক উপায়
প্ৰতিদিনে পুৱা তুলসী পানী খালে শৰীৰৰ কি কি লাভ হয়? জানক...
এই ৫ বিধ খাদ্যই দুৰ্বল কৰে মগজু! জানক সকলো...
ব্লাড চুগাৰৰ মাত্ৰা হঠাতে হ্ৰাস পালে কি কৰিব! এতিয়াই জানি লওক এইবিষয়ে
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...