Kali Puja 2025: কালী পূজা কেতিয়া? শুভ সময়, নিয়ম, মহত্ব সকলো জানক…

Kali Puja 2025 Date and Time: শ্যাম পূজা নামেৰেও পৰিচিত কালী পূজাৰ হিন্দু ধৰ্মত যথেষ্ট তাৎপৰ্য আছে। এই উৎসৱ শক্তি, সুৰক্ষা, আৰু অশুভ ধ্বংসৰ প্ৰতীক দেৱী দুৰ্গাৰ উগ্ৰ ৰূপ দেৱী কালীৰ প্ৰতি উৎসৰ্গিত কৰা হয়।

Kali Puja 2025: কালী পূজা কেতিয়া? শুভ সময়, নিয়ম, মহত্ব সকলো জানক...

কালী পূজা কেতিয়া?

Updated On: 

18 Oct 2025 17:27 PM

কালী পূজা দেৱী কালীৰ প্ৰতি উৎসৰ্গিত এক বিখ্যাত হিন্দু উৎসৱ। হিন্দু পঞ্জিকা অনুসৰি এই উৎসৱ কাতি মাহত পালন কৰা হয়। আনহাতে গ্ৰেগৰিয়ান পঞ্জিকা অনুসৰি কালী পূজা অক্টোবৰ বা নৱেম্বৰ মাহত পৰে। এইবাৰ ২০২৫ চনৰ ২০ অক্টোবৰ সোমবাৰে কালী পূজা পৰিছে।

কালী পূজাৰ মহত্ব

এই দিনটোত দেৱী কালীক পূজা কৰিলেই নেতিবাচক শক্তি নাশ হৈ জীৱনলৈ সুখ আৰু শান্তি আনে। শ্যাম পূজা নামেৰেও পৰিচিত কালী পূজাৰ হিন্দু ধৰ্মত যথেষ্ট তাৎপৰ্য আছে। এই উৎসৱ শক্তি, সুৰক্ষা, আৰু অশুভ ধ্বংসৰ প্ৰতীক দেৱী দুৰ্গাৰ উগ্ৰ ৰূপ দেৱী কালীৰ প্ৰতি উৎসৰ্গিত কৰা হয়। এই উৎসৱ মূলতঃ পশ্চিমবংগ, ওড়িশা, অসমকে ধৰি উত্তৰ ভাৰতত পালন কৰা হয়। বহু ঠাইত দীপাৱলীৰ নিশা কালী পূজা অনুষ্ঠিত হয়।

কেনেদৰে উদযাপন কৰিব কালী পূজা?

বহুতে বিশ্বাস কৰে যে তন্ত্ৰ-মন্ত্ৰৰ লগত জড়িতসকলেহে দেৱী কালীক পূজা কৰে, কিন্তু এইটো সম্পূৰ্ণ ভিত্তিহীন। মন্ত্ৰ আৰু ধৰ্মীয় ৰীতি-নীতিৰ জৰিয়তে যিকোনো ব্যক্তিয়ে ঘৰতে কালি দেৱীক পূজা কৰিব পাৰে। ফলমূল, মিঠাই, মাছ, মাংস, মচুৰ দাইল দেৱী কালীক উৎসৰ্গা কৰা হয়। বিশেষকৈ ভাৰতৰ কলকাতা আৰু অসমত এই পূজা পালন কৰা হয়।

কালী পূজা ২০২৫ শুভ সময়

অমাৱস্য তিথিত কালী পূজা আৰু দীপাৱলী পালন কৰা হয়। এইবাৰ ২০ অক্টোবৰৰ বিয়লি ৩:৪৪ বজাৰ পৰা আৰম্ভ হোৱা অমাৱস্য তিথি ২১ অক্টোবৰৰ বিয়লি ৫:৫৪ বজাত শেষ হ’ব। শাস্ত্ৰ অনুযায়ী ২০ অক্টোবৰত পতিত হোৱা প্ৰদোষ কালত লক্ষ্মী পূজা কৰিব লাগে। ২১ অক্টোবৰত অমাৱস্যাৰ অন্ত পৰিব আৰু প্ৰদোষ কাল (সন্ধিয়াৰ সময়ত) অমাৱস্যাৰ পৰা মুক্ত হ’ব। সেয়ে ২০ অক্টোবৰ সোমবাৰে দীপাৱলী আৰু কালী পূজা উদযাপন কৰা হ’ব।

কালী পূজা ২০২৫ সামগ্ৰী

  • ভগৱান গণেশ মূৰ্তি, ভগৱান বিষ্ণু মূৰ্তি, আৰু মা কালীৰ মূৰ্তি
  • ধূপ আৰু চাকি
  • তান্ত্ৰিক প্ৰতীক
  • চাউল
  • দূৱৰি
  • চন্দনৰ গুড়ি

মা কালীৰ মন্ত্ৰ (Maa Kali Manta 2025)

মা কালীৰ বীজ মন্ত্ৰ – ওম ক্ৰীং কালী

কালী মাতা মন্ত্ৰ – ওম শ্ৰী মহা কালীকায়ে নম

কালীকা-য়েই মন্ত্ৰ – ওম ক্লিং কালী

কালি গায়ত্ৰী মন্ত্ৰ – ওম মহা কলীয়ে চা বিদমহে স্মসান বসিন্যে চা ধীমাহী তন্নো কালি প্ৰচোদয়ত

মাতৃ কালিক প্ৰাৰ্থনা কৰাৰ বাবে মন্ত্ৰ – ক্ৰিং ক্ৰিং ক্ৰিং হিং ক্ৰিং দক্ষিণা কালীকে ক্ৰিং ক্ৰিং কৃং হৃং হিং হিং হাং হং স্বাহা

(অস্বীকাৰ: ইয়াত দিয়া তথ্যসমূহ কেৱল বিশ্বাস আৰু তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। TV9 অসমে এনে কোনো বিশ্বাস বা তথ্যৰ সমৰ্থন নকৰে।)

গুপ্তাংগৰ খজুৱতি দূৰ কৰাৰ সহজ ঘৰুৱা উপায়!
মুখৰ ভিতৰত ঘাঁ কিয় হয়? প্ৰতিৰোধৰ উপায় জানক...
ৰাতিপুৱা খালী পেটত মধুৰিৰ পাত খালে কি কি ৰোগৰ পৰা উপশম পাব?
দীপাৱলীত গৰ্ভৱতী মহিলাই কি কি বস্তু পৰিহাৰ কৰিব লাগে?