কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী, মাটিৰ চাকি, ৰঙ বিৰঙী লাইট আৰু আতচবাজীৰে ভৰিছে বজাৰ

Diwali 2025: দীপাৱলী উৎসৱ অশুভৰ ওপৰত শুভৰ জয়ৰ প্ৰতীক। এই দিনটোত মানুহে চাকি জ্বলাই আন্ধাৰ আঁতৰাই নিজৰ জীৱনলৈ পোহৰ আনে।

কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী, মাটিৰ চাকি, ৰঙ বিৰঙী লাইট আৰু আতচবাজীৰে ভৰিছে বজাৰ
Published: 

19 Oct 2025 13:13 PM

কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী। বজাৰ ভৰি পৰিছে ৰং-বিৰঙী লাইট আৰু বিভিন্ন সামগ্ৰীৰ লগতে আতজবাজীৰে। দীপাৱলীৰ বাবে ৰাজ্যত পূৰ্বৰ দৰে নাই উখল-মাখল পৰিৱেশ। কিয়নো সকলোকে কন্দুৱাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গে লৈছে চিৰ বিদায়। তথাপিও পোহৰৰ উৎসৱটো অনুষ্টুপীয়াকৈ হ’লেও সকলোৱে পালন কৰিব।

দীপাৱলী উৎসৱ অশুভৰ ওপৰত শুভৰ জয়ৰ প্ৰতীক। এই দিনটোত মানুহে চাকি জ্বলাই আন্ধাৰ আঁতৰাই নিজৰ জীৱনলৈ পোহৰ আনে। ই আমাক ধনাত্মক শক্তিৰে ভৰাই তোলে। চাকিৰ পোহৰে ঋণাত্মক শক্তি আঁতৰাই আমাৰ ঘৰখন বিশুদ্ধ কৰে।

প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে। এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই “অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়”ক প্ৰতিনিধিত্ব কৰে। পোহৰে জ্ঞান আৰু বিবেকক বুজায়। দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়। দেৱালীৰ ৰীতি-নীতি পাঁচদিনীয়াকৈ চলে যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জীমতে বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাবস্যা তিথিত মূল দেৱালী পালন কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী মতে দ্বীপান্বিতা উৎসৱ সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহৰ মাজত অনুষ্ঠিত হয়।

দেৱালীৰ আগে-আগে মানুহে তেওঁলোকৰ ঘৰ আৰু কৰ্মস্থানৰ চাফ-চিকুণ, পুনৰনিৰ্মাণ আৰু সৌন্দৰ্য্য বৰ্ধনত ব্যস্ত হয়। দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি, মম, আলোকসজ্জাৰে আলোকিত কৰে। উত্তৰ ভাৰতত কেইদিনা ধন আৰু সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা-অৰ্চনা কৰা হয়। ইয়াৰ লগতে বোমা-ফটকা ফুটাই আনন্দ কৰা দেৱালীৰ অন্যতম বৈশিষ্ট্য। দ্বীপান্বিতাৰ সময়ত ওচৰ-চুবুৰীয়া আৰু সম্পৰ্কীয় সকললৈ মিঠাই আৰু উপহাৰ আদান-প্ৰদানৰো নিয়ম আছে। দেৱালী সমগ্ৰ দক্ষিণ এছিয়াত উলহ-মালহৰে উদযাপন কৰাৰ লগতে গোটেই বিশ্বতে ভাৰতীয় মূলৰ মানুহৰ মাজত বিশেষভাৱে জনপ্ৰিয়।

দীপাৱলীৰ তাৎপৰ্য

ভাৰতত দীপাৱলীৰ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক তাৎপৰ্য অপৰিসীম।

ধৰ্মীয় তাৎপৰ্য

দীপাৱলী মূলতঃ হিন্দু উৎসৱ, কিন্তু জৈন আৰু শিখ ধৰ্মৰ দৰে অন্যান্য ধৰ্মইও ইয়াক পালন কৰে। ই বেয়াৰ ওপৰত ভালৰ জয় আৰু আন্ধাৰৰ ওপৰত পোহৰৰ জয়ৰ প্ৰতীক। দীপাৱলীৰ সময়ত মানুহে ধনৰ দেৱী লক্ষ্মী আৰু বাধা আঁতৰোৱা ভগৱান গণেশক প্ৰাৰ্থনা কৰে।

 

 

মাইগ্ৰেইনৰ লক্ষণ আৰু প্ৰতিৰোধৰ টিপছ, এই বিষ কেনেকৈ হ্ৰাস কৰিব পাৰি?
বৃক্কত পাথৰ হ'লে শৰীৰে দিয়ে এইসমূহ সংকেত? জানক
টোপনি ক্ষতিৰ ফলত হৃদযন্ত্ৰৰ গুৰুতৰ সমস্যা হ'ব পাৰে!
দেৱালীত হংস ৰাজযোগ, এই ৫ ৰাশিৰ জিলিকিব ভাগ্য!