সপোনত আপুনিও কেতিয়াবা মাছ দেখিছে নেকি? পিছে এনে সপোন শুভ নে অশুভ!

সপোনত দেখা প্ৰতিটো বস্তুৱেই আমাৰ ভৱিষ্যতৰ সংকেত দিয়ে। কিছুলোকে এই চিনবোৰ গুৰুত্ব সহকাৰে লয় যদিও আন কোনোৱে সাধাৰণ বুলি ভাবি আওকাণ কৰে। কেতিয়াবা সপোনত আমি মাছো দেখিবলৈ পাওঁ। এনে সপোন পিছে শুভ নে অশুভ? জানো আহক এই বিষয়ে।

সপোনত আপুনিও কেতিয়াবা মাছ দেখিছে নেকি? পিছে এনে সপোন শুভ নে অশুভ!

সপোনত মাছ দেখিলে কি হয়?

Published: 

02 Dec 2025 | 07:19 AM

টোপনিৰ সময়ত আমি প্ৰায়ে সপোন দেখোঁ। সাধাৰণতে এনে সপোন অৰ্থহীন বুলি আমি উলাই কৰোঁ যদিও সপোন বিজ্ঞানে সপোনৰ শুভ-অশুভ দিশৰ বৰ্ণনা কৰিছে। সপোন বিজ্ঞান মতে আমাৰ কিছুমান সপোন ভৱিষ্যৎ জীৱনৰ বাবে অতি শুভ বিবেচিত হয় যদিও কিছুমান সপোনক অশুভ বুলিও গণ্য কৰা হয়। সেই অনুসাৰে সপোনত দেখা প্ৰতিটো বস্তুৱেই আমাৰ ভৱিষ্যতৰ সংকেত দিয়ে। কিছুলোকে এই চিনবোৰ গুৰুত্ব সহকাৰে লয় যদিও আন কোনোৱে সাধাৰণ বুলি ভাবি আওকাণ কৰে। কেতিয়াবা সপোনত আমি মাছো দেখিবলৈ পাওঁ। এনে সপোন পিছে শুভ নে অশুভ?

সপোনত মাছ দেখাৰ অৰ্থ

সপোন বিজ্ঞানৰ মতে সপোনত মাছ দেখাটো সাধাৰণতে অতি শুভ বুলি গণ্য কৰা হয়। সপোনত মাছ দেখাটো আৰ্থিক লাভ, সফলতা আৰু ভাল খবৰৰ ইঙ্গিত। কিন্তু মাছৰ অৱস্থা আৰু প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি সপোনৰ অৰ্থ বেলেগ বেলেগ হ’ব পাৰে। উদাহৰণস্বৰূপে সপোনত সাঁতুৰি থকা মাছ দেখাটো শুভ, আনহাতে মৰা মাছ দেখাটো আৰ্থিক ক্ষতিৰ লক্ষণ হ’ব পাৰে।

সপোনত মাছ দেখাৰ শুভ লক্ষণ

সাঁতুৰি থকা মাছ বা মাছৰ জাকঃ সপোনত মাছৰ জাম দেখা বা সাঁতুৰি থকা মাছ দেখাটো সফলতা, আৰ্থিক সমৃদ্ধি আৰু সকলো বিপদ দূৰ কৰাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

ৰঙীন মাছঃ সপোনত ৰঙীন মাছ দেখাটো পৰিয়াললৈ সফলতা আৰু সুখৰ আগমনৰ লক্ষণ বুলি গণ্য কৰা হয়।

বগা মাছ দেখাঃ সপোনত বগা মাছ দেখাটোও শুভ হিচাপে গণ্য কৰা হয়। এনে সপোনক ঈশ্বৰৰ আশীৰ্বাদ আৰু জীৱনৰ উন্নতিৰ প্ৰতীক হিচাপে বিশ্বাস কৰা হয়।

মাছ ধৰি থকা দেখাঃ সপোনত মাছ ধৰি থকা দেখা পোৱাটো অতি সোনকালে এক নতুন আৰু লাভজনক উদ্যোগ আৰম্ভ কৰাৰ ইঙ্গিত হিচাপে ধৰা হয়।

মাছক খাদ্য দিয়াঃ সপোন বিজ্ঞানৰ মতে সপোনত মাছক খাদ্য দিয়া দেখিলে ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ আৰু সামাজিক সন্মান বৃদ্ধি পোৱাৰ ইংগিত পোৱা যায়।

ডলফিন বা সোণালী মাছঃ সপোন বিজ্ঞান মতে সপোনত সোণালী মাছ দেখাটো সৌভাগ্য, আৰ্থিক লাভ, প্ৰেম আৰু সন্মানৰ চিন।

সপোনত মাছ দেখাৰ অশুভ লক্ষণ

মৃত মাছ দেখাঃ সপোনত মৰা মাছ দেখাটোৱে আৰ্থিক লোকচান বা পৰিকল্পনাৰ বিফলতাৰ ইংগিত দিব পাৰে।

শ্বাৰ্ক বা পিৰাহনা দেখাঃ সপোন বিজ্ঞানৰ মতে সপোনত শ্বাৰ্ক বা পিৰাহনাৰ দৰে জলজ জীৱ দেখাটোৱে দুখ বা ঋণৰ বোজাৰ ইংগিত দিব পাৰে।

মাছ কাটি থকা দেখাঃ সপোনত মাছ কাটি থকা দেখিলে ব্যৱসায়িক বাধা আৰু আৰ্থিক ক্ষতিৰ ইংগিত পোৱা যাব পাৰে।

বৃহৎ আকাৰৰ মাছঃ সপোনত অতি বৃহৎ আকাৰৰ মাছ দেখাটো অশুভ বুলি গণ্য কৰা হয়, কিয়নো ইয়াৰ দ্বাৰা আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ ইংগিত পোৱা যাব পাৰে।

বিশেষ দ্ৰষ্টব্যঃ উপৰত উল্লেখ কৰা মতামতসমূহ সম্পূৰ্ণ ধৰ্মীয় তথা লোক বিশ্বাসৰ ওপৰত আধাৰিত। TV9 Assam- এ এই বিষয়ত নিজা কোনো মত আগবঢ়োৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...