Dhanteras 2025: ধনতেৰাচত এই ৫টা বস্তু কিনাটো অত্যন্ত শুভ, ঘৰলৈ আহিব ধন-সম্পত্তি!

শাস্ত্ৰ আৰু জ্যোতিষ অনুযায়ী এই দিনটোত সোণ-ৰূপ, বাচন-বৰ্তন, ঝাড়ু, লক্ষ্মী-গণেশৰ মূৰ্তি,  ধাতুৰ মুদ্ৰা ক্ৰয় কৰিলে বছৰজুৰি সমৃদ্ধি আৰু শুভ ফল পোৱা যায়। দৰাচলতে সোণ-ৰূপে লক্ষ্মীৰ প্ৰতীক আৰু ধন-সম্পত্তি বৃদ্ধি কৰাৰ বিপৰীতে বাচন-বৰ্তন ঘৰত খাদ্য আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

Dhanteras 2025: ধনতেৰাচত এই ৫টা বস্তু কিনাটো অত্যন্ত শুভ, ঘৰলৈ আহিব ধন-সম্পত্তি!

Dhanteras 2025

Updated On: 

16 Oct 2025 | 08:13 AM

এইবাৰ ২০২৫ চনৰ ১৮ অক্টোবৰ শনিবাৰে উদযাপন কৰা হ’ব ধনতেৰাচ। ধনতেৰাচক ধন, স্বাস্থ্য, সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই দিনটোত ভগৱান ধন্বন্তৰী, দেৱী লক্ষ্মী, আৰু ভগৱান কুবেৰক পূজা কৰিলে গোটেই বছৰ ঘৰখনলৈ সুখ আৰু সমৃদ্ধি লাভ কৰে বুলি বিশ্বাস কৰা আছে।

শাস্ত্ৰ আৰু জ্যোতিষ অনুযায়ী এই দিনটোত সোণ-ৰূপ, বাচন-বৰ্তন, ঝাড়ু, লক্ষ্মী-গণেশৰ মূৰ্তি,  ধাতুৰ মুদ্ৰা ক্ৰয় কৰিলে বছৰজুৰি সমৃদ্ধি আৰু শুভ ফল পোৱা যায়। দৰাচলতে সোণ-ৰূপে লক্ষ্মীৰ প্ৰতীক আৰু ধন-সম্পত্তি বৃদ্ধি কৰাৰ বিপৰীতে বাচন-বৰ্তন ঘৰত খাদ্য আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ঝাড়ুৰে দৰিদ্ৰতা দূৰ কৰি লক্ষ্মীক নিমন্ত্ৰণ কৰে বুলি কোৱা হয়। ইফালে দীপাৱলীৰ পূজাৰ বাবে লক্ষ্মী আৰু গণেশৰ মূৰ্তি ক্ৰয় কৰা হয় আৰু ধাতুৰ মুদ্ৰাই ধন-সম্পত্তিৰ প্ৰসাৰ ঘটায় বুলি বিশ্বাস আছে।

তদুপৰি চাকি বা মাটিৰ চাকি, গৌৰী আৰু গণেশৰ ছবি, কুবেৰয়ন্ত্ৰ বা পিতলৰ কলহ, তুলসী গছ, নতুন মোনা (টকাৰ মোনা) ক্ৰয় কৰিব পাৰে। কিন্তু বাচন-বৰ্তন বা বস্তুবোৰ যাতে খালী হৈ নাথাকে তাৰ প্ৰতি সাৱধান হ’ব লাগে; সেইবোৰ খাদ্য বা মুদ্ৰাৰে ভৰাই ল’ব লাগিব।

ধনতেৰাচৰ ওপৰত এই মন্ত্ৰ জপ কৰক:

পৌৰাণিক কাহিনী অনুসৰি সাগৰ মন্থনৰ সময়ত অমৃতৰ পাত্ৰ লৈ ভগৱান ধন্বন্তৰী আবিৰ্ভাৱ হৈছিল। এই কাৰণে এই দিনটোক ধন্বন্তৰী জয়ন্তী বুলিও কোৱা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত ধাতু দান বা ক্ৰয় কৰিলে লক্ষ্মী ঘৰৰ ভিতৰলৈ আহে। সন্ধিয়া ভগৱান ধন্বন্তৰী, দেৱী লক্ষ্মী, কুবেৰক পূজা কৰা হয়। ঘৰৰ মূল প্ৰৱেশদ্বাৰত এটা চাকি জ্বলাই ৰখা হয়, আৰু “ওম নমো ভাগৱতে ধনন্তৰীয়ে” মন্ত্ৰ জপ কৰা হয়। এই দিনটোত আৰ্তজনক  চাকি, তেল বা খাদ্য দান কৰাটো বিশেষভাৱে উপকাৰী বুলি গণ্য কৰা হয়।

ধনতেৰাচৰ শুভ সময়

  • ধনতেৰাচ তিথি আৰম্ভ: ১৮ অক্টোবৰ, দুপৰীয়া ১২:১৮ বজাত
  • তিথি শেষ: ১৯ অক্টোবৰ,  দুপৰীয়া ১:৫১ বজাত
  • ধনতেৰাচৰ পূজাৰ শুভ সময়: সন্ধিয়া ৭:১৬ বজাৰ পৰা ৮:২০ বজালৈ (পূজাৰ সময় ১ ঘন্টা ৪ মিনিট)

(অস্বীকাৰ: এই তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে ইয়াক সমৰ্থন নকৰে।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...