গুৱাহাটীত আছে উত্তৰ-পূবৰ একমাত্ৰ তথা আটাইতকৈ পুৰণি বিশ্বকৰ্মা মন্দিৰ, জানক ইয়াৰ ইতিহাস…
Vishwakarma temple: অসমত বহু দেৱ-দেৱীৰ মন্দিৰ আছে। কিন্তু আপুনি জানেনে, অসমত বিশ্বকৰ্মাৰ একমাত্ৰ মন্দিৰটো আছে। এই মন্দিৰটো উত্তৰ-পূবৰ লগতে সমগ্ৰ বিশ্বৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ বুলি কোৱা হয়।

বিশ্বকৰ্মা মন্দিৰ
মাজত মাত্ৰ কেইটামান ক্ষণ। কাইলৈ সমগ্ৰ দেশে পালন কৰিব বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি গণ্য কৰা হয়। ইতিমধ্যে এই পূজাক লৈ বিভিন্নজনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই দিনটোত দোকান, ব্যৱসায়ীক প্ৰতিষ্ঠান, কাৰখানা আদিত ধুম ধামেৰে পূজা উদযাপন কৰা হয়। কোৱা হয়, এই দিনটোত বিশ্বকৰ্মাৰ পূজা কৰিলে ব্যৱসায়ত অগ্ৰগতিৰ লগতে আৰ্থিক উন্নতি হয়।
দেশৰ বিভিন্ন প্ৰান্তত বেলেগ বেলেগ নিয়ম অনুসৰি বিশ্বকৰ্মা পূজা পালন কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন ইফালে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহনৰ পূজা কৰা হয়। পিছে আপুনি জানেনে, অসমত আছে এটা বিশ্বকৰ্মাৰ মন্দিৰ? বহু বছৰ পুৰণি এই মন্দিৰটো আছে গুৱাহাটী মহানগৰীত। ১৯৬৫ চনত এজন পুৰোহিতে এই মন্দিৰটো স্থাপন কৰিছিল। কোৱা হয়, গুৱাহাটীত থকা এই মন্দিৰটো উত্তৰ-পূবৰ একমাত্ৰ আৰু সবাতোকৈ পুৰণি বিশ্বকৰ্মাৰ মন্দিৰ।
ক’ত আছে?
এই মন্দিৰটো আছে কামাখ্যা গেটত। নীলাচল পাহাৰলৈ উঠি যোৱা পথটো পোৱাৰ আগতে ৰাস্তাৰ একেবাৰে কাষত এই মন্দিৰটো আছে। নিজা মাটিত স্বৰ্গীয় ভৱকান্ত শৰ্মা নামৰ পুৰোহিতজনে মহাবীৰ প্ৰসাদৰ সহযোগত এই মন্দিৰ নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত পুৰোহিতজনৰ পৰিয়ালে এই মন্দিৰটো চোৱা-চিতা কৰি আহিছে। এতিয়াও পৰিয়ালটোৱে প্ৰতিদিনে এই মন্দিৰটোত পূজা আগবঢ়ায়। ইয়াৰোপৰি বিশ্বকৰ্মা পূজাৰ দিনা বহু ভক্তই এই মন্দিৰটো ভিৰ কৰে। কোৱা হয়, এই মন্দিৰটো কেৱল উত্তৰ-পূবৰে নহয়, সমগ্ৰ বিশ্বৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ।
কেনেকৈ নিৰ্মাণ হৈছিল
সেই সময় আছিল ১৯৬৫ চনৰ। কোৱা হয়, সেই সময়ত কামাখ্য গেটত বহু পথ দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাৰ পৰা হাত সৰাৰ অৰ্থে কামাখ্যা মন্দিৰৰ পুৰোহিতৰ ভৱকান্ত শৰ্মাই কামাখ্যা গেট তথা কামাখ্যাৰ নামনিত বিশ্বকৰ্মা মন্দিৰ নিৰ্মাণ কৰিছিল। তাৰ পাছতে সেই স্থানত পথ দুৰ্ঘটনাৰ সংখ্যা কমি গৈছিল বুলি কোৱা হয়। তেওঁৰ পাছত এতিয়া পৰিয়ালৰ বৰ্তমানৰ প্ৰজন্মই এই মন্দিৰটো পৰিচালনা কৰি আছে। ২০১১ চনত এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হয়।
প্ৰতি বছৰে ১৭ ছেপ্টেম্বৰৰ দিনটোত বিশ্বকৰ্মা পূজা পালন কৰা হয়। কোৱা হয়, অশ্বিন কৃষ্ণ পক্ষৰ প্ৰতিপদ তাৰিখত ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল। ইয়াৰ বিপৰীতে আন একাংশই ভাদ মাহৰ শেষত বিশ্বকৰ্মা পূজা কৰা ভাল বুলি কয়। ইয়াৰোপৰি বহুতে বিশ্বাস কৰে যে, বিশ্বকৰ্মা পূজাৰ সিদ্ধান্ত সূৰ্যৰ সংক্ৰমণ অনুযায়ী কৰা হৈছিল। এই দিনটোকেই পাছলৈ সূৰ্য সংক্ৰান্তি হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে। সেই অনুসৰি এই দিনটোত বিশ্বকৰ্মা পূজা পতা হয়।
শুভ সময়
- শুভ সময়ঃ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ
- অভিজিত মুহূৰ্তঃ ১১.১৫ পবজাৰ পৰা ১২.২৫ বজালৈ আৰু দুপৰীয়া ১ বজাৰ পৰা ২.১৫ বজালৈ।
অন্য খবৰ পঢ়কঃ Vishwakarma Puja 2025:ব্যৱসায়ত উন্নতি, ধন লাভৰ বাবে বিশ্বকৰ্মা পূজাৰ দিনা কৰক এই উপায়…