Vishwakarma Puja 2025:ব্যৱসায়ত উন্নতি, ধন লাভৰ বাবে বিশ্বকৰ্মা পূজাৰ দিনা কৰক এই উপায়…
মাজত মাত্ৰ কেইটামান ক্ষণ। ১৭ ছেপ্টেম্বৰত সমূহ দেশবাসীয়ে পালন কৰিব বিশ্বকৰ্মা পূজা।মান্যতা অনুসৰি, এই সময়চোৱাত কিছুমান উপায় কৰিলে শুভ ফল লাভ কৰে ব্যৱসায়ীসকলে।

বিশ্বকৰ্মা পূজা
হিন্দু ধৰ্মত বিশ্ব কৰ্মাৰ বিশেষ মহত্ব আছে। এই দিনটোত শিল্পী, শিপিনী আৰু ব্যৱসায়ীসকলৰ বাবে ভগৱান বিশ্বকৰ্মাৰ পূজা অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। মান্যতা অনুসৰি বিশ্বকৰ্মা বিশ্বব্ৰহ্মাণ্ডৰ নিৰ্মাতা। কোৱা হয়, তেওঁ বহু দেৱতাৰ বাবে অস্ত্ৰ নিৰ্মাণ কৰাৰ লগতে লংকাও নিৰ্মাণ কৰিছিল। এইবাৰ বিশ্বকৰ্মা পূজা ১৭ ছেপ্টেম্বৰত পালন কৰা হ’ব। ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি চলাইছে একাংশই।
পূজাৰ এই দিনটোত বিশেষকৈ যন্ত্ৰপাতি, সঁজুলি, কম্পিউটাৰ আদিক পূজা কৰা হয়। কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়। ভাৰতৰ বিভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজা কৰাৰ নিয়ম বেলেগ বেলেগ। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন ইফালে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহনৰ পূজা কৰা হয়।
এই দিনটোত বিশ্বকৰ্মাৰ আশীৰ্বাদ লাভৰ বাবে কিছুমান উপায় কৰিব পাৰি। কোৱা হয়, এনে উপায়ৰ ফলত বিশ্বকৰ্মা সন্তুষ্ট হয় আৰু ব্যৱসায়ত অগ্ৰগতি লাভ কৰা হয়। গতিকে তলত এনে কেইটামান উপায় উল্লেখ কৰা হ’ল-
হালধিঃ এই দিনটোত পূজাৰ সময়ত বিশ্বকৰ্মাত হালধিৰ টুকুৰা আগবঢ়াওক। পাছত ইয়াক কাৰখানা, মেচিন বা অফিচত সুৰক্ষিত কৰি ৰাখক। এনে কৰিলে ধনৰ প্ৰবাহ হয় বুলি কয়।
হালধীয়া কাপোৰ আৰু তিলকঃ পূজাৰ সময়ত হালধীয়া কাপোৰ পৰিধান কৰি কপালত হালধিৰ তিলক লগাব।তাৰ পাছত সন্ধিয়া লক্ষ্মী-নাৰায়ণ মন্দিৰত ৭ টুকুৰা হালধি আগবঢ়াব। ইয়াৰ ফলত আৰ্থিক সমস্যা দূৰ হয় বুলি কোৱা হয়।
এই বস্তু অৰ্পন কৰকঃ বিশ্বকৰ্মা পূজাৰ সময়ত ভগৱানত হালধি, তামোল-পান, ফুল, সেন্দূৰ আদি আগবঢ়াব পাৰে। কোৱা হয় ইয়াৰ ফলত সকলো বাধা দূৰ হয় আৰু ব্যৱসায়ত অগ্ৰগতি হয়
অফিচত পূজা- এই পূজাৰ দিনা দোকান, কাৰখানা বা কাৰ্যালয় আদি পুৱা ভালদৰে চাফা কৰি লব লাগে। পাছত ন্ত্ৰপাতি, সঁজুলি, কম্পিউটাৰ সঠিকভাৱে পূজা কৰক। পূজাৰ সময়ত বিশ্বকৰ্মাক আপুনি হালধীয়া ফুল আৰু চন্দন আগবঢ়াব পাৰে। এনে কৰিলে উৎপাদনশীলতা বৃদ্ধি পাই বুলি কোৱা হয়।
মন্ত্ৰ জপ কৰক-
- পূজাৰ সময়ত কমেও ১০৮ বাৰ “ওমঃ বিশ্বকৰ্মা দেৱায় নমঃ” মন্ত্ৰ জপ কৰক।
(অস্বীকাৰ: ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ লগত TV9 অসমৰ কোনো সম্পৰ্ক নাই)
অন্য খবৰ পঢ়কঃ শনিৰ গতি পৰিবৰ্তন! ভাগ্যৰ দুৱাৰ খোল খাব এই ৩ ৰাশিৰ লোকৰ…