কাইলৈ বিশ্বকৰ্মা পূজাঃ ঘৰৰ বাহনখনৰ হয়তো আপুনিও কৰিব পূজা, চাওক পূজাৰ সঠিক সময়

শাস্ত্ৰ মতে বিশ্বকৰ্মা দেৱগুৰু বৃহস্পতিৰ ভগ্নী যোগসিদ্ধ আৰু অষ্টম বাসু প্ৰভাসৰ পুত্ৰ। এইবাৰ বিশ্বকৰ্মা পূজা ৩১ ভাদ, ১৭ ছেপ্টেম্বৰ বুধবাৰে পালন কৰা হ’ব। চাওঁ আহক পূজাৰ শুভ সময় কেতিয়া।

কাইলৈ বিশ্বকৰ্মা পূজাঃ ঘৰৰ বাহনখনৰ হয়তো আপুনিও কৰিব পূজা, চাওক পূজাৰ সঠিক সময়

বিশ্বকৰ্মা পূজা

Updated On: 

16 Sep 2025 07:35 AM

কাইলৈ দেশবাসীয়ে পালন কৰিব বিশ্বকৰ্মা পূজা হিন্দু ধৰ্মত বিশ্বকৰ্মাক দেৱশিল্পী হিচাপে মান্যতা প্ৰদান কৰা হয় এক কথাত বিশ্বকৰ্মা দেৱতা এগৰাকী স্থপতিবিদ তথা অভিযন্তা দেৱলোক অমৰাৱতীপুৰ এই বিশ্বকৰ্মাৰে এক অপূৰ্ব সৃষ্টি বুলি লোকবিশ্বাস প্ৰচলিত পুৰীৰ ৰজাৰ অনুৰোধত তেওঁ জগন্নাথ ধামত জগন্নাথ-বলৰাম-সুভদ্ৰাৰ মূৰ্তি নিৰ্মাণ কৰিছিল বুলিও কোৱা হয়। সমাজৰ সৰ্বস্তৰত বিশ্বকৰ্মা পূজা অত্যন্ত ধৰ্মীয় মান্যতাৰে পালন কৰা হয়। এইবাৰ বিশ্বকৰ্মা পূজা কাইলৈ পালন কৰা

সাধাৰণতে হিন্দু শাস্ত্ৰ অনুসৰি চন্দ্ৰৰ গতিৰ ওপৰত ভিত্তি কৰি তিথি আৰু পূজাৰ সময় নিৰ্ধাৰণ কৰা হয়। কিন্তু সূৰ্যৰ গতিৰ ওপৰত ভিত্তি কৰি বৈদিক দেৱতা বিশ্বকৰ্মাৰ পূজাৰ সঠিক সময় নিৰ্ণয় কৰা হয়। শাস্ত্ৰ মতে বিশ্বকৰ্মা দেৱগুৰু বৃহস্পতিৰ ভগ্নী যোগসিদ্ধ আৰু অষ্টম বাসু প্ৰভাসৰ পুত্ৰ। এইবাৰ বিশ্বকৰ্মা পূজা ৩১ ভাদ, ১৭ ছেপ্টেম্বৰ বুধবাৰে পালন কৰা ব। চাওঁ আহক পূজাৰ শুভ সময় কেতিয়া

বিশুদ্ধ সিদ্ধান্ত পঞ্জিকা মতে ৩১ ভাদত বিশ্বকৰ্মা পূজা আৰম্ভ হয়। একাদশী নিশা ১১:৪০ বজালৈকে চলি থাকিব।

পুৱা ৭:০৪ বজাৰ ভিতৰত অমৃত যোগ। আকৌ পুৱা ৯:২৯ বজাৰ পৰা ১১:০৭ বজালৈ আৰম্ভ হয়। বিয়লি ৩:০৯ বজাৰ পৰা ৪:৪৬ বজালৈ। সন্ধিয়া ৬:২২ বজাৰ পৰা নিশা ৮:৪৫ বজালৈ।

দুপৰীয়া ১:৩২ বজাৰ পৰা ৩:০৯ বজালৈ আৰম্ভ হয় মহেন্দ্ৰ যোগ। নিশা ৮:৪৫ বজাৰ পৰা ১০:২০ বজালৈ।

উত্তম সময় (পুণ্যকাল) পুৱা ৬:০৭ টা বজাৰ পৰা দুপৰীয়া ১২:১৫ টা পৰ্যন্ত আৰু মহাপুণ্যকাল ৬:০৭ টা বজাৰ পৰা পুৱা ৮:১০ টা পৰ্যন্ত থাকিব

পূজা আৰম্ভণিৰ শুভ সময়ঃ পুৱা প্ৰায় ৭:৩০ বজা

পূজা সমাপ্তিৰ শুভ সময়ঃ বিয়লি প্ৰায় ৪:৩০ বজা

বিশেষ দ্ৰষ্টব্যঃ এই তথ্য জ্যোতিষ সূত্ৰৰ আধাৰত উল্লেখ কৰা হৈছে এইক্ষেত্ৰত TV9 Assam- নিজা কোনো মত প্ৰকাশ কৰা নাই

এই ৬ টা অভ্যাসে নষ্ট কৰি পেলাব পাৰে বৃক্ক! জানক...
সূৰ্যৰ স্থান পৰিবৰ্তন! প্ৰভাৱ পৰিব এই ৪ ৰাশিৰ ওপৰত...
বিশ্বকৰ্মা পূজাত দুৰ্লভ সংযোগ, এই ৰাশিয়ে পাব আৰ্থিক লাভ!
পুৱা দেৰিলৈকে শোৱে নেকি? হ’ব পাৰে এনে সমস্যা, সাৱধান নহ’লেই পৰিব বিপদত