ফ্ৰিজৰ ওপৰত আপুনিও ৰাখিছে নেকি এনে সামগ্ৰী? সাৱধান, বাস্তু দোষে আগুৰি ধৰিব আপোনাক!

জ্যোতিষ আৰু বাস্তু বিশেষজ্ঞসকলৰ মতে, ফ্ৰিজৰ ওপৰত ৰখা ভুল সামগ্ৰীয়ে ঘৰৰ শক্তি, স্বাস্থ্য আৰু মানসিক শান্তিৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে এনে সামান্য ভুল পৰিহাৰ কৰিলে জীৱনত প্ৰগতিৰ পথত থকা বাধা দূৰ কৰিব পাৰি। গতিকে বাস্তু অনুসৰি ফ্ৰিজৰ ওপৰত কোনবোৰ সামগ্ৰী ৰখা অনুচিত, সেই বিষয়ে জানো আহক।

ফ্ৰিজৰ ওপৰত আপুনিও ৰাখিছে নেকি এনে সামগ্ৰী? সাৱধান, বাস্তু দোষে আগুৰি ধৰিব আপোনাক!

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

09 Jan 2026 | 05:00 PM

বৰ্তমান সময়ত ফ্ৰিজ প্ৰতিটো ঘৰৰে এক অনিবাৰ্য অংশ হৈ পৰিছে। অৱশ্যে এই ইলেক্ট্ৰিক সামগ্ৰীবিধৰ প্ৰয়োজনীয়তাও নথকা নহয়। খাদ্য সুৰক্ষিত ৰখাৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱন সহজ কৰালৈকে ফ্ৰিজৰ ভূমিকা গুৰুত্বপূৰ্ণ। বহু সময়ত দেখা যায়, ঠাইৰ অভাৱত বা সুবিধা অনুসাৰে বহুলোকে ফ্ৰিজৰ ওপৰত বিভিন্ন সামগ্ৰী থয়। বাস্তু শাস্ত্ৰ মতে এই অভ্যাসে ঘৰলৈ নেতিবাচক শক্তি কঢ়িয়াই আনিব পাৰে। জ্যোতিষ আৰু বাস্তু বিশেষজ্ঞসকলৰ মতে, ফ্ৰিজৰ ওপৰত ৰখা ভুল সামগ্ৰীয়ে ঘৰৰ শক্তি, স্বাস্থ্য আৰু মানসিক শান্তিৰ ওপৰত প্ৰভাৱ পেলায়।

গতিকে এনে সামান্য ভুল পৰিহাৰ কৰিলে জীৱনত প্ৰগতিৰ পথত থকা বাধা দূৰ কৰিব পাৰি। গতিকে বাস্তু অনুসৰি ফ্ৰিজৰ ওপৰত কোনবোৰ সামগ্ৰী ৰখা অনুচিত, সেই বিষয়ে জানো আহক-

পূজাৰ সৈতে জড়িত সামগ্ৰী

ঠাইৰ অভাৱৰ বাবে বহুলোকে পূজাৰ কিতাপ, মালা, ধূপকাঠি বা চাকিৰ থালখন ফ্ৰিজৰ ওপৰত থৈ দিয়ে। জ্যোতিষ শাস্ত্ৰ মতে, পূজাৰ বস্তু সদায় পবিত্ৰ আৰু স্থিৰ স্থানত ৰাখিব লাগে। ফ্ৰিজৰ দৰে এটা গধুৰ আৰু চলন্ত মেচিনৰ ওপৰত এইবোৰ ৰাখিলে পূজাৰ ইতিবাচক প্ৰভাৱ কমি যায় আৰু ঘৰৰ শুভ শক্তিত বাধাৰ সৃষ্টি হয়। ধৰ্মীয় সামগ্ৰীৰ বাবে সদায় এটা সুকীয়া পৰিষ্কাৰ ঠাই বা মন্দিৰ থকাটো জৰুৰী।

ইলেকট্ৰনিক সামগ্ৰী

বহুলোকে মোবাইল চাৰ্জাৰ, এক্সটেনচন বৰ্ড বা সৰু লাইট আদি ফ্ৰিজৰ ওপৰত ৰাখে। যিহেতু ফ্ৰিজ নিজেই এটা শক্তিশালী ইলেকট্ৰনিক যন্ত্ৰ, ই ‘ইলেক্ট্ৰ’মেগনেটিক শক্তি’ উৎপন্ন কৰে, তাৰ ওপৰত আন ইলেকট্ৰনিক বস্তু ৰাখিলে শক্তিৰ ভাৰসাম্য নষ্ট হয়। বাস্তু মতে ই ‘অগ্নি তত্ত্ব’ বৃদ্ধি কৰে, ফলত ঘৰৰ মানুহৰ মাজত খং, মানসিক চাপ আৰু মতভেদ বাঢ়িব পাৰে। তদুপৰি ই আৰ্থিক সমস্যাৰো কাৰণ হ’ব পাৰে।

দৰৱ ৰখাটো ক্ষতিকাৰক

অধিকাংশ লোকে হাতৰ ওচৰতে পাবলৈ দৰৱৰ টেমাটো ফ্ৰিজৰ ওপৰত থৈ দিয়ে। বাস্তু অনুসৰি এনে কৰিলে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে। ফ্ৰিজক শীতলতা আৰু গধুৰ শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়, আনহাতে দৰৱ বেমাৰৰ শক্তিৰ সৈতে জড়িত। এই দুয়োটাৰে সংমিশ্ৰণে ঘৰত নেতিবাচক কম্পনৰ সৃষ্টি কৰে, ফলত ঘৰৰ মানুহ বাৰে বাৰে অসুস্থ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে দৰৱ সদায় কোনো চাফা আলমাৰী বা ড্ৰয়াৰত ৰখাটোৱেই শ্ৰেষ্ঠ।

ফ্ৰিজৰ ওপৰৰ অংশটো কিয় চাফা আৰু খালী ৰাখিব লাগে

বাস্তু শাস্ত্ৰ অনুসৰি, ফ্ৰিজ ঘৰত সুখ-সুবিধা আৰু খাদ্যৰ নিৰন্তৰতাৰ প্ৰতীক। যদি ইয়াৰ ওপৰত অপ্ৰয়োজনীয় সামগ্ৰী জমা কৰি ৰখা হয়, তেতিয়া ই জীৱনত স্থবিৰতা আৰু বাধাৰ সৃষ্টি কৰে। ফ্ৰিজৰ ওপৰৰ অংশটো সদায় পৰিষ্কাৰ আৰু খালী কৰি ৰাখিলে ঘৰত আৰ্থিক স্থিৰতা, উন্নত স্বাস্থ্য আৰু এক ইতিবাচক পৰিৱেশ বিৰাজ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...