Vastu Tips: আহিব দৰিদ্ৰতা! ঘৰত কেতিয়াও খালী কৰি নাৰাখিব এইসমূহ পাত্ৰ…

Vastu Tips: বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰত কিছুমান বস্তু কেতিয়াও খালী কৰি ৰাখিব নালাগে। এনে কৰিলে জীৱনত সমস্যা আহে। যদি কিছুমান বস্তু খালী কৰি ৰখা যায় তেন্তে আৰ্থিক সংকট, সম্পৰ্কত সমস্যা আদি হোৱাৰ সম্ভাৱনা থাকে।

Vastu Tips: আহিব দৰিদ্ৰতা! ঘৰত কেতিয়াও খালী কৰি নাৰাখিব এইসমূহ পাত্ৰ...

Tension F

Published: 

19 Jan 2026 | 03:59 PM

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰক বিশেষ গুৰুত্ব দিয়া হয়। বাস্তুত ঘৰৰ লগত জড়িত বিভিন্ন নিয়মৰ কথা উল্লেখ আছে। বাস্তু অনুসৰি, ঘৰৰ ভিতৰত থকা বস্তুৱে আমাৰ জীৱনত প্ৰভাৱ পেলায়। কিছুমান সৰু সৰু ভুলেও বাস্তু দোষৰ সৃষ্টি কৰিব পাৰে। কিছুমান সাধাৰণ যেন লগা অভ্যাসৰ ফলত ঘৰত ঋণাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে। এনে অৱস্থাত ঘৰত আৰ্থিক সংকট, স্বাস্থ্যজনিত সমস্যা, সম্পৰ্কত সমস্যা আদি হোৱাৰ সম্ভাৱনা থাকে।

বাস্তু মতে ঘৰত থকা কিছুমান পাত্ৰ কেতিয়াও খালী ৰাখিব নালাগে। এনে কৰিলে ঘৰৰ সুখ-শান্তি আঁতৰিব পাৰে, ইয়াৰোপৰি উন্নতিত বাধা অহাৰ সম্ভাৱনা আছে। গতিকে এই বস্তবোৰ কি কি সেয়া জনা দৰকাৰ।

কি বস্তু খালী ৰাখিব নালাগে?

মানিবেগঃ বাস্তুৰ মতে, কেতিয়াও মানিবেগ খালী কৰি ৰাখিব নালাগে। সদায় এটা মুদ্ৰা বা নোট মানিবেগত ৰাখিব লাগে। ইয়াৰোপৰি সুৰক্ষিত ঠাইত ৰাখিব নালাগে। মান্যতা অনুসৰি, মানিবেগ খালী হ’লে টকা অহাৰ পথ বন্ধ হৈ যায়।

মন্দিৰত পানীৰ পাত্ৰঃ মন্দিৰত কেতিয়াও পানীৰ পাত্ৰ খালী ৰাখিব নালাগে। ই ঋণাত্মক শক্তি আকৰ্ষণ কৰে। ইয়াৰোপৰি খালী পাত্ৰই পূজাৰ উপকাৰিতা হ্ৰাস কৰে, গতিকে এই পাত্ৰ পানী, ফুল, আমৰ পাত আদি ৰাখিব লাগে।

বাল্টিঃ বাথৰুমত থকা বাল্টি বা পাত্ৰ কেতিয়াও খালী ৰাখিব নালাগে। ইয়াৰ ফলত মানসিৰ চাপ আৰু স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে। গতিকে বাথৰুমৰ বাল্টি সদায় পূৰ কৰি ৰাখিব লাগে।

খাদ্যৰ পাত্ৰঃ ঘৰৰ পাকঘৰটো সবাতোকৈ গুৰুত্বপূৰ্ণ স্থান বুলি গণ্য কৰা হয়। পাকঘৰত দেৱী অন্নপূৰ্ণাও বাস কৰে। গতিকে খাদ্য ৰখা পাত্ৰ কেতিয়াও খালী হ’ব দিব নালাগে। এনে কৰিলে অন্নপূৰ্ণা অসন্তুষ্ট হয়। গতিকে কিবা নহয় কিবা অলপ ৰাখিব লাগে।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ মংগলৰ ৰাশি পৰিবৰ্তন! ধনৰ পৰা চাকৰিলৈ, এই ৫ ৰাশিৰ হ’ব সকলোতে উন্নতি…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...