Vastu Tips: হ’ব সৰ্বনাশ, আহিব দৰিদ্ৰতা! ঘৰৰ মুখ্য দুৱাৰত ভুলতো নাৰাখিব এই ৫ বিধ সামগ্ৰী, জানক…

Vastu Tips: হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ বিশেষ মহত্ব আছে। বাস্তুই আমাক বিভিন্ন উপদেশ দিয়ে। বাস্তুত ঘৰৰ মুখ্য দুৱাৰ সন্দৰ্ভতো বিশেষ কিছুমান দিশৰ কথা উল্লেখ আছে। সেই অনুসৰি মুখ্য দুৱাৰত কিছুমান বস্তু ৰাখিব নালাগে।

Vastu Tips: হব সৰ্বনাশ, আহিব দৰিদ্ৰতা! ঘৰৰ মুখ্য দুৱাৰত ভুলতো নাৰাখিব এই ৫ বিধ সামগ্ৰী, জানক...

মুখ্য দুৱাৰ

Published: 

23 Nov 2025 12:32 PM

ঘৰৰ মুখ্য দুৱাৰক সবাতোকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য় কৰা হয়। বাস্তু শাস্ত্ৰত ঘৰৰ মুখ্য দুৱাৰৰ বিশেষ মহত্ব আছে। বাস্তু মতে, ঘৰৰ মুখ্য দুৱাৰৰ দ্বাৰাই ধনাত্মক আৰু ঋণাত্মক শক্তি প্ৰৱেশ কৰে। সেয়ে মুখ্য দুৱাৰৰ চাৰিওফাল পৰিষ্কাৰ কৰি ৰাখিব লাগে। বাস্তুৰ মতে, ঘৰৰ মুখ্য দুৱাৰত কিছুমান বস্তু ৰখাতো বেয়া। ইয়াৰ ফলত ঘৰৰ সুখ-শান্তি তথা সমৃদ্ধিত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। কিছুমান বস্তুই ঘৰলৈ নেতিবাচক শক্তিক আমন্ত্ৰণ জনায়।

কি কি বস্তু ৰাখিব নালাগে

ভঙা, পুৰণি জোতা-চেণ্ডেঃ মুখ্য দুৱাৰত ভঙা বস্তু বা পুৰণি জোত-চেণ্ডেল ৰাখিব নালাগে। ইয়ে দৰিদ্ৰতাক আমন্ত্ৰণ জনাই আৰু ঋণাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি কৰে।

জাবৰৰ দ’মঃ ঘৰৰ মুখ্য দুৱাৰত জাবৰৰ দ’ম ৰাখিব নালাগে। মা লক্ষ্মীয়ে সদায় পৰিষ্কাৰ-পৰিচ্ছন্নতা ভাল পায়। গতিকে মুখ্য দুৱাৰত ডাষ্টবিন, বেয়া বস্তু আজি ৰাখিব নালাগে। ইয়ে ঘৰলৈ আৰ্থিক সংকট আনে আৰু পৰিয়ালৰ উন্নতিত বাধাৰ সৃষ্টি কৰে।

ঝাড়ুঃ ঘৰৰ মুখ্য দুৱাৰত ঝাড়ু ৰখা বেয়া। ঝাড়ুক মা লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে ঝাড়ু মুকলিকৈ বা মুখ্য দুৱাৰত ৰাখিব নালাগে। এনে কৰিলে ধন-সম্পত্তিৰ সংকট হয় আৰু অসন্তুষ্টি বৃদ্ধি পায়।

শুকান আৰু কাঁইটীয়া গছঃ ঘৰৰ মুখ্য দুৱাৰত শুকান আৰু কাঁইটীয়া গছ ৰাখিব নালাগে। ই শুভ শক্তি প্ৰৱেশত বাধা দিয়ে। লগতে ঘৰত কাজিয়া হয়। ইয়াৰোপৰি কাঁইটীয়া উদ্ভিদে ঘৰলৈ নেতিবাচক শক্তিক আমন্ত্ৰণ জনায়।

বন্ধ ঘড়ীঃ ঘৰৰ মুখ্য দুৱাৰত ভঙা বাচন-বৰ্চন, ভঙা মূৰ্তি, বন্ধ ঘড়ী আজি ৰাখিব নালাগে। এনে কৰা দুৰ্ভাগ্য আৰু নেতিবাচকতাৰ প্ৰতীক। ই পৰিয়ালৰ উন্নতিত বাধাৰ সৃষ্টি কৰে।

কি কি কৰিব লাগে

মুখ্য দুৱাৰখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। ক’লা বা ধূসৰ ৰঙৰ সলনি পাতল ৰং (হালধীয়া, ক্ৰীম, পাতল সেউজীয়া) ব্যৱহাৰ কৰিব লাগে। ইয়াৰোপৰি মুখ্য দুৱাৰত শুভ প্ৰতীক (স্বস্তিক, ওম, লক্ষ্মীৰ ভৰি) ৰাখিব লাগে।

 

(Disclaimer:ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ ধনবান হ’ব বিচাৰে নেকি? তেন্তে আজিয়েই ত্যাগ কৰক এই ৫টা সাধাৰণ অভ্যাস…

মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ তিনিটা প্ৰধান লক্ষণ কি কি? জানক...
নাৰীৰ কোনবোৰ বস্তুৱে পুৰুষক আকৰ্ষণ কৰে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
পত্নীৰ সৈতে নকৰিব কাজিয়া, অভাৱ-অনাটনে দেখা দিব জীৱনত!
শীতকালত কলেষ্টেৰল কম কৰিবলৈ খাওক এই খাদ্য...