তুলসী পূজন দিৱসত কেনেদৰে কৰিব তুলসীক পূজা? জানক তুলসী পূজন দিৱসৰ তাৎপৰ্য

Tulsi Pujan Diwas: শ্ৰী যোগ বেদান্ত সেৱা সমিতিয়ে প্ৰতিবছৰে তুলসী পূজন দিৱসৰ আয়োজন কৰে। বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলেও এই উৎসৱ পালন কৰে। হিন্দুধৰ্মত জল, চন্দন, সেন্দূৰ, চাউল, ফুল আৰু প্ৰসাদেৰে তুলসীক পূজা কৰা হয়। পূজাৰ অৰ্থে তুলসীৰ আগত বন্তি প্ৰজ্বলনো কৰা হয়। এই উৎসৱত সকলোৰে ঘৰত তুলসীৰ পুলি ৰুই পৰিৱেশৰ উন্নতি সাধন কৰিবলৈ সকলোকে উৎসাহিত কৰা হয়।

তুলসী পূজন দিৱসত কেনেদৰে কৰিব তুলসীক পূজা? জানক তুলসী পূজন দিৱসৰ তাৎপৰ্য
Updated On: 

24 Dec 2025 | 05:38 PM

তুলসী পূজন দিৱস (Tulsi Pujan Diwas) হৈছে এক ভাৰতীয় উৎসৱ। প্ৰতি বছৰে ২৫ ডিচেম্বৰৰ দিনা এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ দিনা তুলসী গছ ৰোপণ কৰি ইয়াৰ পূজা-অৰ্চনা কৰা হয়। এই উৎসৱ পোনপ্ৰথনে আশাৰাম বাপুৱে আৰম্ভ কৰিছিল। হিন্দুধৰ্ম অনুযায়ী তুলসীক ঔষধি আৰু আধ্যাত্মিক, এই দুইধৰণে ব্যৱহাৰ কৰা হয়। হিন্ধুসকলে বিশ্বাস কৰে যে তুলসীয়ে প্ৰাচুৰ্য কঢ়িয়াই আনে আৰু ই এক পৱিত্ৰ উদ্ভিদ।

এইবাৰ তুলসী পূজনৰ দিনটোত পূজাৰ শুভ সময় পুৱা ৮:০০ বজাৰ পৰা ১০:০০ বজালৈ হ’ব। সন্ধিয়া পূজাৰ শুভ সময় ৫:৩০ বজাৰ পৰা ৭:০০ বজালৈ হ’ব।

শ্ৰী যোগ বেদান্ত সেৱা সমিতিয়ে প্ৰতিবছৰে তুলসী পূজন দিৱসৰ আয়োজন কৰে। বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলেও এই উৎসৱ পালন কৰে। হিন্দুধৰ্মত জল, চন্দন, সেন্দূৰ, চাউল, ফুল আৰু প্ৰসাদেৰে তুলসীক পূজা কৰা হয়। পূজাৰ অৰ্থে তুলসীৰ আগত বন্তি প্ৰজ্বলনো কৰা হয়। এই উৎসৱত সকলোৰে ঘৰত তুলসীৰ পুলি ৰুই পৰিৱেশৰ উন্নতি সাধন কৰিবলৈ সকলোকে উৎসাহিত কৰা হয়।

তাৎপৰ্য

তুলসীক ঔষধিৰ পাটমাদৈ আখ্যা দিয়া হয়। হিন্দুধৰ্মত ইয়াৰ গুৰুত্ব অপৰিসীম। আয়ুৰ্বেদৰ মতে তুলসীয়ে বহুতো ৰোগৰ উপশম ঘটাব পাৰে। মানসিক অৱসাদ, মধুমেহ আৰু শালমইনা আদিৰ প্ৰাকৃতিক নিৰাময়কাৰক হিচাপেও তুলসীৰ ব্যৱহাৰ কৰা হয়। সাধাৰণ জ্বৰ, কাঁ‌হ আদিতো ইয়াক ঔষধ হিচাপে গ্ৰহণ কৰা হয়।

হিন্দু পঞ্জিকা অনুসৰি আজি তুলসী পূজন দিৱস পালন কৰা হৈছে। তুলসী পূজন দিৱসৰ দিন নিশা ১০.২৯ বজালৈ। আজি সন্ধিয়া মানুহে মা তুলসীক পূজা কৰিব। হিন্দু ধৰ্মগ্ৰন্থত তুলসী পূজা দিৱসত মা তুলসীক পূজা কৰাৰ বাবে কিছু নিয়ম আৰু ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে। সন্ধিয়া তুলসী পূজা কৰাৰ আগতে এই নিয়ম আৰু উপায়বোৰ জানি লওক। নিয়ম অনুসৰি পূজা আৰু উপায়ত মা তুলসী সন্তুষ্ট হ’ব আৰু আপোনালোকে বিশেষ ফল পাব।

পূজাৰ নিয়ম

  • তুলসী পূজনৰ দিনা সন্ধিয়া পূজাৰ আগেয়ে মন্দিৰটো আল্পনা আৰু ফুলেৰে সজাই পৰাই ল’ব লাগে।
  • পূজাৰ সময়ত দেৱীক ধূপ-দীপ জ্বলাব লাগে। ইয়াৰ পিছত পঞ্চমৃত অৰ্পণ কৰিব লাগে।
  • ৰঙা চুনাৰী আৰু শৃংগাৰৰ সামগ্ৰী আগবঢ়াব লাগে।
  • পূজাৰ সময়ত বৈদিক মন্ত্ৰ জপ কৰিব লাগে।
  • তাৰ পিছত আৰতি কৰি পূজাৰ সামৰণি মাৰিব লাগে।
  • পূজাৰ পিছত মাৰ প্ৰসাদ পৰিয়ালৰ সদস্যৰ লগতে অন্যান্য মানুহৰ মাজত বিতৰণ কৰিব।
  • ইয়াৰ পিছত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লোৱা উচিত।

অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...