সোমবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's rashifal: হিন্দু ধৰ্মত জ্যোতিষ শাস্ত্ৰৰ বিশেষ মহত্ব আছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা আৰু প্ৰতিটো ৰাশিৰ প্ৰতিদিনে বেলেগ বেলেগ যোগ থাকে।

সোমবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল...

আজিৰ দিনটোৰ ৰাশিফল

Published: 

06 Jan 2025 | 06:00 AM

আজি ৬ ডিচেম্বৰ, সোমবাৰ। জ্য়োতিষ শাস্ত্ৰ অনুসৰি আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। কিছুমানৰ আকৌ আৰ্থিক উন্নতি, চাকৰিত পদোন্নতিৰ যোগ আছে। তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

 

মেঘ ৰাশিঃ মহিলাসকলৰ বাবে দিনটো ভাল। প্ৰতিভা প্ৰকাশৰ সুবিধা পাব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। আনৰ কথাত বেছি গুৰুত্ব নিদিব, মানহানিৰ সম্ভাৱনা আছে। ব্যৱসায় আৰু চাকৰি কৰা সকলৰ বাবে দিনটো শুভ। প্ৰেমত অশুভ। স্বাস্থ্য সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে।

বৃষ ৰাশিঃ দিনৰ আৰম্ভণি ভাল কামৰ দ্বাৰা হ’ব। ভাল পৰিণাম লাভ কৰিব। ঘৰৰ মানুহৰ সন্মান কৰিব। লেনদেনত মন দিব। পাবলগীয়া টকা ঘূৰাই পাব। চাকৰি কৰা সকলে সহযোগীৰ সমৰ্থন লাভ কৰিব। শান্তিৰে কাম কৰাৰ চেষ্টা কৰিব। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।

মিথুন ৰাশিঃ চৰকাৰী কামত সফলতা লাভ কৰিব। সন্তানৰ সমস্যা সমাধান হ’ব। ধাৰ্মিকস্থলত যোৱাৰ সম্ভাৱনা। খঙত সিদ্ধান্ত গ্ৰহণ নকৰিব। বিবাদৰ পৰা আঁতৰি থাকক। কৰ্মক্ষেত্ৰত গুৰুত্ব দিব। আৰ্থিক সমস্যাই দেখা দি পাৰে। ধৈৰ্য ধৰি আগবাঢ়িব। চাকৰি কৰা সকলে সকলোৰে লগত ভালদৰে চলিব যত্ন কৰিব। সংগীক লগ পাব পাৰে। বিষৰ সমস্যাই দেখা দিব পাৰে।

কৰ্কট ৰাশিঃ কোনো বন্ধুক লগ পাব পাৰে । ঘৰৰ কোনো কাম বা ব্যৱসায়ত সফলতা লাভ কৰিব। আবেগক প্ৰাধান্য নিদিব। কাকো ধাৰলৈ টকা নিদিব। কাৰ্যক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। ঘৰত শুভ খবৰ লাভ কৰিব পাৰে। ঘৰত শান্তিৰ পৰিৱেশ থাকিব। মূৰৰ বিষ হ’ব পাৰে।

সিংহ ৰাশিঃ লক্ষ্য পূৰণ কৰাৰ বাবে ভাল সময়। জীৱনৰ কোনো ডাঙৰ সমস্যা সমাধান হ’ব। ধাৰ্মিক কামত জড়িত হোৱাৰ সম্ভাৱনা। লেনদেনত গুৰুত্ব দিব।ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে। চাকৰি কৰা সকলে ভালদৰে চলিব। বৈবাহিক জীৱন শুভ। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।

কন্যা ৰাশিঃ আজি পৰিয়াল আৰু ব্যৱসায়ত গুৰুত্ব দিব। সন্তানৰ কৰ্মৰ পৰা সুখ অনুভৱ কৰিব। নতুন সম্পৰ্ক গঢ় দিলে মন ৰাখিব। সমস্যাত পৰাৰ সম্ভাৱনা। চাকৰি কৰা সকলে বিবাদৰ পৰা আঁতৰি থাকক। ঋণৰ সমস্যা সমাধানৰ চেষ্টা কৰিব। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।

তুলা ৰাশিঃ আনক সহায় কৰিব। ধৈৰ্য ধৰি কাম সমাধান কৰাৰ চেষ্টা কৰিব। সফলতা লাভ কৰিব। আৰ্থিক স্থিতি দুৰ্বল হোৱাৰ সম্ভৱনা। খৰচত গুৰুত্ব দিব। অচিনাকীলোকৰ পৰা সাৱধান। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা। শত্ৰুক লক্ষ্য ৰাখিব। পতি-পত্নীৰ মাজৰ সম্পৰ্ক ভালে থাকিব। স্বাস্থ্যত গুৰুত্ব দিব।

বৃশ্চিক ৰাশিঃ নতুন কাম হাতলৈ আহিব পাৰে। ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। কোনো বন্ধুক লগ পাব। উপহাৰ পোৱাৰ সম্ভাৱনা। বিদেশ যাব বিচাৰসকলৰ বাবে ভাল সময়। আৰ্থিক স্থিতিৰ ওপৰত গুৰুত্ব দিয়ৰ। খৰচত সাৱধান হ’ব। পৰিকল্পনা কৰাত গুৰুত্ব দিব। ব্যৱসায়ত শুভ। চাকৰি কৰা সকলে পদোন্নতি লাভ কৰিব পাৰে। প্ৰেমত শুভ। পেটৰ সমস্যা হ’ব পাৰে।

ধনু ৰাশিঃ লেনদেনত লাভ হ’ব পাৰে। পৰিশ্ৰমৰ ফলাফল লাভ কৰিব। কামত গুৰুত্ব দিয়ক। নিজৰ ক্ষমতা জানিলে উন্নতি হ’ব। কোনো কঠোৰ সিদ্ধান্ত ল’ব লগা হ’ব পাৰে। ব্যৱসায়ীসকল ব্যস্ত থাকিব। আৰ্থিক স্থিতি ভাল। চাকৰি কৰাসকলৰ কাম বেছি হ’ব পাৰে। প্ৰেমত শুভ। স্বাস্থ্য ভাল।

মকৰ ৰাশিঃ নতুন পৰিকল্পনা কৰিব পাৰে। কোনো সম্পৰ্কীয়ৰ লগত ভুল বুজা-বুজি দূৰ হ’ব পাৰে। চৰকাৰী কামত সাৱধান হ’ব। বিবাদৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত ভাল। পৰিয়ালৰ সৈতে ভাল সময় কটাব। পৰিশ্ৰমৰ ফল লাভ কৰিব। স্বাস্থ্যত ভাল বেয়াৰ মাজেৰে যাব।

কুম্ভ ৰাশিঃ সমাজত সন্মান লাভ কৰিব। সফলতা লাভ কৰিব। খৰচ বাঢ়িব। আনৰ বিবাদৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত ভাল খবৰ লাভ কৰিব পাৰে। চাকৰি কৰা সকলৰ স্থান সলনি হ’ব পাৰে। প্ৰেমত শুভ। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক।

মীন ৰাশিঃ ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব। পৰিশ্ৰম কৰি কামত আগবাঢ়ি যাওক। সামাজিক কামত ব্যস্ত থাকিব। খৰচৰ ওপৰত গুৰুত্ব দিব। মনৰ ইচ্ছা পূৰণ হ’ব। বিবাদত নপৰিব। ব্যৱসায়িত কামত ব্যস্ত হ’ব। চাকৰিত ভাল। প্ৰেমত শুভ। সন্তানৰ ফালৰ পৰা কোনো ভাল ফল লাভ কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...