Today’s Rashifal: বছৰৰ দ্বিতীয় দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Todays Rashifal: আজি নতুন বছৰৰ দ্বিতীয় দিন। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানে সাৱধান হোৱা দৰকাৰ। আজি কিছু ৰাশিৰ লোকৰ চাকৰি লাভৰ যোগ আছে। আপোনাৰ দিনটো কেনে যাব জানক।

Todays Rashifal: বছৰৰ দ্বিতীয় দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল...

ৰাশিফল

Published: 

02 Jan 2026 | 06:00 AM

আজি ২ জানুৱাৰী, ২০২৬। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব? তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটোত আপুনি সম্পৰ্কত গুৰুত্ব দিয়া দৰকাৰ। ব্যক্তিগত আৰু অফিচৰ কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰা দৰকাৰ। কেৰিয়াৰ উন্নতিৰ যোগ আছে। সংগীৰ সৈতে ভাল সময় কটাব পাৰে। দিনটো ভালে যাব।

বৃষ ৰাশিঃ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বাবে দিনটো ভাল। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। বিদেশত শিক্ষা গ্ৰহণ কৰিব বিচৰাসকলে ভাল সুযোগ লাভ কৰিব পাৰে। সংগীৰ সৈতে ভাল সময় কটাব।

মিথুন ৰাশিঃ আজি আপুনি কোনো নতুন বস্তু ক্ৰয় কৰিব পাৰে। নতুন কামৰ বিকাশ হোৱাৰ সম্ভাৱনা আছে। ব্যক্তিগত দিশত উন্নতি হোৱাৰ সম্ভাৱনা আছে। নতুন কিবা শিকিব পাৰিব। প্ৰেমত শুভ।

কৰ্কট ৰাশিঃ আজিৰ দিনটো সৃষ্টিশীল লোকসকলৰ বাবে ভাল। কাম কৰিলে সফলতা লাভ কৰিব। আধৰুৱা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ ক্ষেত্ৰত ভাল। সতীৰ্থই সহায় কৰিব। কোনো শুভ কামত অংশ গ্ৰহণ কৰিব পাৰে। স্বাস্থ্য ভাল।

সিংহ ৰাশিঃ আজিৰ দিনটো আপুনি ব্যস্ত থাকিব। ধৰ্মীয় কাম-কাজত মনোযোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত কোনো বিশিষ্ট লোকে সহায় কৰি পাৰে। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হোৱাৰ সম্ভাৱনা। দিনটো ভালে যাব।

কন্যা ৰাশিঃ আজি আপুনি কথা কওতে সাৱধান হোৱা দৰকাৰ। আয়ৰ নতুন বাট মুকলি হোৱাৰ সম্ভাৱনা। কিন্তু খৰচত গুৰুত্ব দিয়া দৰকাৰ। ভ্ৰমণৰ যোগ আছে। ভাগ্যই লগ দিব পাৰে। শত্ৰুৰ পৰা সাৱধানে থকা দৰকাৰ। সন্তানে কোনো বস্তু ক্ৰয় কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

তুলা ৰাশিঃ বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে দিনটো ভাল। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ যোগ আছে। ব্যৱসায়ৰ ক্ষেত্ৰত লাভ আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

বৃশ্চিক ৰাশিঃ আৰ্থিক দিশৰ পৰা আজি আপোনাৰ দিনটো ভাল। যি কামত হাত দিয়ে সফলতা লাভ কৰিব। বিনিয়োগৰ বাবে দিনটো ভাল। ঘৰৰ নতুন কাম কৰিব পাৰে। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা। বাহন চলাওতে সাৱধান হোৱা দৰকাৰ। ব্যৱসায়ে গতি লাভ কৰিব।

ধনু ৰাশিঃ আজি আপোনাৰ দিনটে ভালেৰে পাৰ হোৱাৰ সম্ভাৱনা। কামত সফলতা লাভ কৰিব। সময়ৰ ভাল ব্যৱহাৰ কৰিব। ব্যৱসায়ত কোনো ভাল খবৰ লাভ কৰিব পাৰে। কোনো প্ৰিয় বস্তু লাভ কৰিব পাৰে। আৰ্থিক স্থিতি ভাল হোৱাৰ সম্ভাৱনা।

মকৰ ৰাশিঃ আজি আপোনাৰ দিনটো চিন্তাৰে পাৰ হোৱাৰ সম্ভাৱনা। পুৰণি কোনো সমস্যা আহিব পাৰে। চকুৰ সমস্যাত ভুগিব পাৰে। সন্তানৰ অধ্যয়নত গুৰুত্ব দিয়া দৰকাৰ। খৰচত গুৰুত্ব ৰাখক। ধৰ্মীয় কামত অংশ লোৱাৰ সম্ভাৱনা।

কুম্ভ ৰাশিঃ ব্যৱসায় কৰা লোকসকলৰ বাবে আজিৰ দিনটো ভাল। প্ৰেমত শুভ। হেৰোৱা কোনো বস্তু পুনৰ লাভৰ সম্ভাৱনা। ভ্ৰমণৰ যোগ আছে। কোনো গুৰুত্বপূৰ্ণ তথ্য লাভৰ সম্ভাৱনা। কোনো আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আৰ্থিক স্থিতি উন্নতি। হাতলৈ ধন আহিব। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। স্বাস্থ্য ভাল। চৰকাৰী আঁচনিৰ পৰা লাভ পাব পাৰে। শত্ৰুৰ পৰা সাৱধান হোৱা দৰকাৰ।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...