Today’s horoscope: দিনটো কেনেদৰে পাৰ হ’ব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটোত কিছু ৰাশিৰ লোকৰ আৰ্থিক উন্নতিৰ যোগ আছে। ইয়াৰ বিপৰীতে কিছুমানৰ আজি কোনো সমস্যা হোৱাৰ সম্ভাৱনা আছে।

Todays horoscope: দিনটো কেনেদৰে পাৰ হব আপোনাৰ? চাওক আজিৰ ৰাশিফল...

ৰাশিফল

Published: 

07 Oct 2025 06:00 AM

আজি ৭ অক্টোবৰ, ২০২৫। আজিৰ দিনটোৰ ৰাশিফল-

মেঘ ৰাশিঃ এই ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো শুভ হ’ব। ভাগ্যই লগ দিব। চাকৰি লাভৰ সম্ভাৱনা আছে। চৰকাৰী ক্ষেত্ৰত কাম কৰাসকলে জ্যেষ্ঠজনৰ সহায় লাভ কৰিব। নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ। শিক্ষাৰ্থীসকলৰ বাবেও দিনটো ভাল। সংগীৰ সৈতে ভাল যাব। স্বাস্থ্য ভালে থাকিব।

বৃষ ৰাশিঃ আজিৰ দিনটোত শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া প্ৰয়োজন। ব্যৱসায়ত কিছু সমস্যা আহিব পাৰে। গতিকে আপুনি ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। মন শান্ত কৰাৰ চেষ্টা কৰিব। প্ৰেমত কোনো সমস্যা আহিব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। মন শান্ত কৰাৰ চেষ্টা কৰক। স্বাস্থ্য ভাল।

মিথুন ৰাশিঃ এই ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো ভাল। চাকৰি আৰু কাম-কাজত অগ্ৰগতি লাভ কৰিব। চাকৰিৰ ক্ষেত্ৰত কোনো দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ভাল। আয়ৰ নতুন বাট মুকলি হ’ব পাৰে। সামাজিক জীৱনত মান-সন্মান বৃদ্ধি পাব। ভৌতিক সুখ-সুবিধা লাভ কৰিব। বিবাহৰ যোগ আছে। স্বাস্থ্য ভাল।

কৰ্কট ৰাশিঃ স্বাস্থ্যৰ দিশৰ পৰা আজি আপোনাৰ দিনটো ভাল। কোনো ক্ষেত্ৰৰ পৰা ভাল খবৰ লাভ কৰিব। আয়ৰ নতুন বাট মুকলি হোৱাৰ সম্ভাৱনা আছে। কাৰোবাৰ পৰা চাৰপ্ৰাইজ পাব পাৰে। সংগীৰ সৈতে ভাল সময় কটাব। সামাজিক কামত জড়িত হোৱাৰ সম্ভাৱনা। চাকৰি আৰু ব্যৱসায় ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব।

সিংহ ৰাশিঃ আৰ্থিক দিশৰ পৰা আজি আপোনাৰ দিনটো ভাল। আৰ্থিক দিশত সফলতা লাভ কৰিব। নতুন কাম আৰম্ভ কৰিব পাৰে। চাকৰিত পদোন্নতি লাভৰ সম্ভাৱনা আছে। বিদেশত শিক্ষা লাভ কৰিব বিচৰাসকলৰ বাবে দিনটো বাল। যিকোনো কামত পৰিয়ালৰ সমৰ্থন লাভ কৰিব। দিনটো ভালে যাব। স্বাস্থ্যত গুৰুত্ব দিব।

কন্যা ৰাশিঃ আজি আপোনাৰ দিনটোত সৰু-সুৰা কিবা সমস্যা আহিব পাৰে। চাকৰি আৰু ব্যৱসায় ক্ষেত্ৰখনত কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। সমস্যাসমূহ ভাবি-চিন্তি সমাধানৰ চেষ্টা কৰিব। স্বাস্থ্যত গুৰুত্ব দিয়া আৱশ্যক। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব।

তুলা ৰাশিঃ আজিৰ আপোনাৰ দিনটো ভাল। আপুনি যিকোনো কামত সফলতা লাভ কৰিব পাৰে। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। কিন্তু খৰচ কম কৰাৰ প্ৰয়োজন। আয়ৰ নতুন বাট খোল খাব। ভাগ্যৰ সমৰ্থন লাভ কৰিব। চাকৰি আৰু ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰদৰ্শন কৰিব।

বৃশ্চিক ৰাশিঃ স্বাস্থ্যৰ দিশৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে ভাল। ধৈৰ্য ধৰি কামত আগবঢ়া প্ৰয়োজন। আনক সহজে বিশ্বাসত লোৱা ঠিক নহয়। আৰ্থিক দিশটোত সমস্যা আহিব পাৰে। ভ্ৰমণৰ যোগ আছে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল বেয়াৰ মাজেৰে যাব। পুৰণি বন্ধুক লগ পাব পাৰে।

ধনু ৰাশিঃ আজি আপোনাৰ বাবে দিনটো বিশেষ। আজি আপুনি নতুন কিবা কাম চেষ্টা কৰিব পাৰে। আজিৰ দিনটোত কৰা পৰিবৰ্তনে আপোনাৰ জীৱনলৈ সফলতা কঢ়িয়াই আনিব পাৰে। চাৰপ্ৰাইজ লাভ কৰিব পাৰে। প্ৰেমত সমস্যা আছে যদি বহু সমস্যা কম হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভাল।

মকৰ ৰাশিঃ স্বাস্থ্য আৰু আৰ্থিক দিশৰ পৰা আজি আপোনাৰ দিনটো ভাল। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। কাম সময়মতে কৰাৰ চেষ্টা কৰিব। কেৰিয়াৰত গুৰুত্ব দিয়া প্ৰয়োজন। সমস্যা আহিব পাৰে। আনৰ লগত কাজিয়া নকৰিব। ভালদৰে সমস্যা সমাধানৰ চেষ্টা কৰিব। প্ৰেমত ভাল।

কুম্ভ ৰাশিঃ আজি আপুনি দিনটো কিছু সাৱধান থকা ভাল। কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব পাৰে। সমস্যা আহিলেও লাহে লাহে আঁতৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখিব। পুৰণি কোনো বন্ধুক লগ পাব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। স্বাস্থ্যত গুৰুত্ব দিব।

মীন ৰাশিঃ আজি আপোনাৰ কিছু বিপদ আহিব পাৰে। প্ৰেমত সমস্যা অহাৰ সম্ভাৱনা আছে। অৱশ্যে ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰে। সামাজিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰে। ধনৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। গতিকে খৰচৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...